কেন্দ্রীয় মন্ত্রী নীতিন গডকাৰিৰ ঘোষণা, এইবাৰ ডিজেলত মিহলি কৰা হ'ব ১৫% 'আইচ'বিউটানল'

dainik janambhumi July 05, 2026

ডিজিটেল ডেস্ক : পেট্ৰলৰ পাছত এইবাৰ মিহলিকৰণ হ'ব ডিজেলতো। কেন্দ্ৰীয় চৰকাৰে ডিজেলত ১৫ শতাংশ 'আইচ'বিউটানল' মিহলি কৰাৰ আঁচনি লৈছে। কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গডকাৰিয়ে শনিবাৰে এই তথ্য প্রকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে জীৱাশ্ম ইন্ধনৰ আমদানি হ্রাস কৰাৰ লক্ষ্য লৈছে। 

গতিকে পেট্রলত ২০ শতাংশ ইথানল মিহলি কৰাৰ পাছত এইবাৰ ডিজেলত ১৫ শতাংশ 'আইচ 'বিউটানল' মিহলি কৰাৰ আঁচনি লৈছে। কেন্দ্ৰৰ ইন্ধন নীতি সন্দৰ্ভত প্ৰকাশ কৰি গডকাৰিয়ে কয় যে ডিজেলত পোনপটীয়াভাৱে ইথানল মিহলি কৰিব নোৱাৰি। গতিকে ইথানলৰ পৰা আইচ 'বিউটানল প্ৰস্তুত কৰি তাক ডিজেলত মিহলি কৰা হ'ব। শক্তি খণ্ডত আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত ভাৰতৰ এয়া সবল খোজ বুলিও তেওঁ কয়। 

গডকাৰিয়ে লগতে কয় যে ডিজেলত আইচ'বিউটানল মিশ্রিতকৰণ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত যথেষ্ট আগবাঢ়িছে আৰু ইতিমধ্যে পাইলট ডেমনট্রেশান হৈ গৈছে। এই মিশ্ৰিতকৰণে যথেষ্ট ভাল ফল দেখুৱাইছে।

Share This