পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক

dainik janambhumi August 25, 2025

ডিজিটেল ডেস্ক : গুজৰাটৰ কচ্চ জিলাত থকা ভাৰত-পাকিস্তান সীমান্তৰ সমীপত সীমান্ত সুৰক্ষা বাহিনীয়ে (বি এছ এফ) ১৫জন পাকিস্তানী মাছমৰীয়াক আটক কৰে। দেওবাৰে বি এছ এফৰ সূত্রই প্রকাশ কৰা মতে, পাকিস্তানী মাছমৰীয়াকেইজনৰ পৰা এখন ইঞ্জিনযুক্ত নাও জব্দ কৰা হয়।

ৰাজ্যখনৰ কচ্চ অঞ্চলৰ কোৰী ক্রীকত ব'ৰ্ডাৰ আউটপ'ষ্টৰ এলেকাত এখন অচিনাক্ত নাও থকাৰ বিয়য়ে বিশেষ খবৰ লাভ কৰি বি এছ এফৰ লোকে শনিবাৰে সন্ধান অভিযান চলায়। ইয়াৰ পাছত বি এছ এফৰ জোৱানে দেশীয় নির্মিত এখন নাওসহ ১৫ পাকিস্তানী মাছমৰীয়াক আটক কৰে।

ধৃত মাছমৰীয়াকেইজন পাকিস্তানৰ সিন্ধু প্ৰদেশৰ সুজাৱল জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। জব্দ কৰা নাওখনত ৬০ কিল'গ্রাম মাছ, নখন মাছধৰা জাল, ডিজেল, বৰফ, খাদ্য সামগ্ৰী আৰু কাঠৰ লাঠী উদ্ধাৰ কৰা হয়। এটা ম'বাইল ফ'ন আৰু ২০০ টকাৰ পাকিস্তানী মুদ্রাও জব্দ কৰা হয় মাছমৰীয়াকেইজনৰ পৰা।

Share This