ডিজিটেল ডেস্ক : তামিলনাডুত বিজয় নেতৃত্বাধীন টি ভি কেৰ মিত্ৰজোঁটৰ চৰকাৰক অস্থিৰ কৰাৰ বাবে হৰ্ছ ট্রেডিং কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ বাবে বিধায়ক এজনক ৩৫ কোটি টকাৰ অফাৰ দিয়া হৈছিল বুলি অভিযোগ উঠিছে। তামিলাগা ভেট্টি কাঝাগামৰ (টি ভি কে) বিধায়ক এন ইয়াৰা ৰাজাই দাবী কৰিছে যে তামিলনাডু বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে প্রস্তাৱ অনাৰ সময়ত বিপক্ষে ভোট দিয়াৰ বাবে ১৫ টি ভি কেৰ বিধায়কক ৩৫ কোটি টকাৰ অফাৰ দিয়া হৈছিল।
এই অভিযোগৰ সংক্ৰান্তত তামিলনাডু আৰক্ষীয়ে ৩জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তত ৰাজ্যখনৰ ডি এম কেৰ প্ৰাক্তন মন্ত্ৰী ভি চেন্থিল বালাজী আৰু তেওঁৰ ভাতৃ ভি অশোক কুমাৰৰ নামো সাঙোৰ খাই পৰিছে। বুধবাৰে তামিলনাডু আৰক্ষীয়ে সাংবাদিকক প্ৰকাশ কৰা মতে, বিধায়ক কিনা-বেচাৰ ষড়যন্ত্ৰত ডি এম কেৰ এই দুজন নেতা জড়িত আছিল।
ইয়াৰাৰাজাই চেন্নাই আৰক্ষীৰ ওচৰত যোৱা ২৭ জুনত অভিযোগ দাখিল কৰিছিল আৰু কৈছিল যে 'ইণ্ডিয়ান পলিটিকেল ডেম'ক্রেটিক স্ট্রেটেজী' নামৰ এটা অপিনিয়ন প'লিং সংস্থাৰ এজন প্রতিনিধিয়ে তেওঁক হৰ্ছ ট্রেডিঙৰ প্ৰস্তাৱ দিছিল।