ইডেনত দ্বিতীয় দিনা ১৫ উইকেটৰ পতন

dainik janambhumi November 16, 2025

ডিজিটেল ডেস্ক : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ইয়াত অনুষ্ঠিত প্রথম টেষ্টে আকষর্ণীয় ৰূপ লৈছে। টেষ্টখনৰ কালি দ্বিতীয় দিনা ভাৰতৰ স্থিতি শক্তিশালী হোৱা পৰিলক্ষিত হৈছে। ইফালে ইডেন গার্ডেনত কালি দ্বিতীয় দিনাও বলাৰে আধিপত্য বিস্তাৰ কৰে। শুকুৰবাৰে প্রথম দিনা ১১টা উইকেটৰ পতন ঘটাৰ পাছত কালি দ্বিতীয় দিনা ১৫টা উইকেটৰ পতন ঘটে। আনহাতে টেষ্টখনৰ প্রথম দিনা বেগী বলাৰে আধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে কালি দ্বিতীয় দিনা স্পীনাৰে বেটাৰৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে। কালি দ্বিতীয় দিনাৰ খেল সামৰাৰ পৰত দক্ষিণ আফ্রিকাই ৭টা উইকেট হেৰুৱাই ৯৩ ৰান সংগ্ৰহ কৰে আৰু মাত্র ৬৩ ৰানৰ অগ্রগতি লাভ কৰি আছে। 

উল্লেখযোগ্য যে প্রথম ইনিংছত দক্ষিণ আফ্রিকা ৩০ বানত পিছ পৰে। দক্ষিণ আফ্রিকাই শুকুৰবাৰে প্রথম দিনা সকলো উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰে। ভাৰতে শুকুৰবাৰৰ এক উইকেটত ৩৭ ৰানৰ পৰা কালি নিজৰ প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰে। ভাৰতে সকলো উইেকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫৯ ৰান। মন কৰিবলগীয়া যে দুয়োটা দিনৰ খেলত এতিয়ালৈকে কোনো এজন বেটাৰে ৪০ৰ অধিক ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। দুয়োটা দলৰ ভিতৰত ব্যক্তিগত সর্বাধিক ৩৯ ৰান কৰে ভাৰতৰ প্ৰথম ইনিংছত কে এল ৰাহুলে। ৰাহুলে কালি টেষ্টত চাৰি হাজাৰ ৰানো সম্পূর্ণ কৰে। ৱাশ্বিংটন সুন্দৰে ২৯ ৰান কৰে। আনহাতে অধিনায়ক শুভমন গীলে চাৰি নম্বৰ স্থানত বেটিং কৰিবলৈ আহে। তেওঁ প্রথম দুটা বলত ৰান ল'ব নোৱাৰিলে আৰু তৃতীয় বলত বল বাউণ্ডেৰী লাইনৰ বাহিৰলৈ ঠেলে, কিন্তু সেই সময়তে তেওঁ ডিঙিত বিষ অনুভৱ কৰাত ৰিটায়ার্ড হার্ট হৈ পেভেলিয়নলৈ ওভতে। সহঃ অধিনায়ক ঋষভ পন্তে ২৪টা বলত ২টা ছয় আৰু ২টা চাৰিৰে ২৭ ৰান কৰে। ৰবীন্দ্র জাদেজাই ২৭ ৰান কৰে। দক্ষিণ আফ্রিকাৰ অফ স্পীনাৰ ছিমন হার্মাৰে চাৰিটা আৰু মার্কো জনছেনে তিনিটা উইকেট লয়। দক্ষিণ আফ্রিকাই দ্বিতীয় ইনিংছ আৰম্ভ কৰিয়েই বিপৰ্যয়ৰ সন্মুখীন হয়। 

কুলদীপ যাদৱে প্রথম আঘাত হানি অপৈনাৰ ৰেয়ান ৰিকলটনক (১১) বিদায় দিয়ে। ইয়াৰ পাছতে প্রথম ইনিংছত এটাও উইকেট নোপোৱা ৰবীন্দ্র জাদেজাইস্পীনৰ যাদুৰে এডেন মার্কৰাম (৪), ৰিয়ান মুল্ডাৰ (১১), টনি জ'ৰ্জী (২) আৰু ট্রিষ্টন ষ্টাব্‌ছক (৫) বিদায় দিয়ে। ইয়াৰ পাছত অক্ষৰ পেটেলে কাইল ভেৰেনিক (৯) আৰু জানছেনক (১৩) ৰানত বিদায় দিয়ে। এটা এণ্ডত ধাৰাবাহিক উইকেট পতনৰ সময়তে আনটো এণ্ড চম্ভালে অধিনায়ক টেম্বা বাভুমাই। তেওঁ দ্বিতীয় খেল সামৰাৰ পৰলৈ ২৯ ৰান কৰি বেট ধৰি আছে।

Share This