চাৰি বছৰত ১৬খন দলং ভাগিল গুজৰাটত : কংগ্ৰেছৰ খৰ্গে

dainik janambhumi July 11, 2025

ডিজিটেল ডেস্কঃ গুজৰাটৰ বদোদৰা জিলাৰ মহিসাগৰ নদীৰ ওপৰত থকা গম্ভীৰা দলংখনৰ মাজভাগ বুধবাৰে পুৱা ভাগি যোৱাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে। দুর্ভগীয়া লোকসকলৰ সন্ধানত এতিয়ালৈকে উদ্ধাৰ অভিযান চলি আছে। ইফালে, বিৰোধী দল কংগ্ৰেছে দাবী কৰে যে যোৱা চাৰি বছৰত ৰাজ্যখনত ১৬টা এনেধৰণৰ দলং ভাগি যোৱাৰ ঘটনা সংঘটিত হৈছে।

কংগ্রেছে এই ঘটনাসমূহৰ বিষয়ত তদন্ত কৰিবলৈ এখন এছ আই টি গঠনৰ দাবী কৰে অনথ্যাই ৰাজপথত আন্দোলনৰ হুংকাৰ দিয়ে। আনহাতে, এই দুর্ঘটনাৰ নৈতিক দায়িত্ব লৈ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ পদত্যাগৰ দাবী তোলে। 

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেই অভিযোগ কৰে যে গুজৰাটত বৰ্তমান নেতৃত্বৰ সংকট হৈছে। ৰাজ্যখনত বিজেপিৰ শাসনত সৰ্বত্ৰ দুর্নীতি আৰু কু-শাসনে বিৰাজ কৰিছে। তেওঁ কয় যে গুজৰাটৰ জনতাই এই বিষয়ত সঠিক সময়ত সঠিক উত্তৰ দিব। আনহাতে, বুধবাৰৰ দুৰ্ঘটনাটোত নিহত হোৱা লোকসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ বিষয়ে ঘোষণা কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও এই দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ দুখ প্রকাশ কৰে।

Share This