ডিজিটেল ডেস্ক: শিৱসাগৰৰ আখৈফুটীয়া ২ নং চাউলকৰা বামবাৰী গাঁৱত সমূহীয়া বিবাহ অনুষ্ঠান বামবাৰী গাঁৱৰ গৰখীয়া মন্দিৰত বৃহস্পতিবাৰে সন্ধিয়া সম্পন্ন হয় ৷
মন্দিৰত ভাগৱতক সাক্ষী কৰি পাঠেকী, ভকত-বৈষ্ণৱৰ দ্বাৰা বিধি পাঠ আৰু আশিস শিৰত লৈ আনুষ্ঠানিকভাৱে বিবাহ বান্ধোনেৰে বান্ধ খায় ১৬ যোৰা দৰা-কইনাই৷
এসময়ত গন্ধৰ্ব বিবাহত আবদ্ধ হোৱা বামবাৰী গাঁৱৰ বহু দম্পতীয়ে সাংসাৰিক জীৱন অতিবাহিত কৰি অহাৰ মাজতে সামাজিক ৰীতি-নীতি পালনত সন্মুখীন হোৱা কিছু বাধাৰ বাবে বৃহস্পতিবাৰে গাঁৱৰ গৰখীয়া মন্দিৰত সম্পন্ন হয় এই মাংগলিক বিবাহ অনুষ্ঠানৰ৷
মাহ-হালধিৰে গা-পা ধুই, আয়তীসকলৰ উৰুলিৰ মাজেৰে গৰখীয়া মন্দিৰত সমূহীয়া বিবাহ অনুষ্ঠানত ভাগ লয় ১৬ যোৰা দৰা-কইনাই ৷ মন্দিৰত হৰিনাম শ্ৰৱণ আৰু জ্যেষ্ঠজনৰ সাংসাৰিক দিহা-পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰে দৰা-কইনাসকলে৷ বিবাহৰ মাংগলিক পৰ্বৰ সামৰণিত উলহ-মালহ পৰিৱেশৰ মাজেৰে দৰা-কইনাক পৰিয়ালৰ লোকে স্ব-গৃহলৈ আদৰি নিয়ে।
উৎস: প্ৰাগ নিউজ ডিজিটেল