১৬ বিধ ঔষধক নিষিদ্ধ ঘোষণা কেন্দ্ৰৰ

dainik janambhumi June 21, 2026

ডিজিটেল ডেস্ক : চিকিৎসামূলক সত্য প্রতিপাদন নোহোৱা তথা সম্ভাব্য বিপদাশংকাৰ সন্দৰ্ভত হিতকাৰী বুলি বিবেচিত নোহোৱা বাবে কেন্দ্ৰীয় চৰকাৰে ১৬বিধ ফিল্ড-ড'জ কম্বিনেশ্যন (এফ ডি চি) ঔষধৰ প্ৰস্তুতকৰণ, বিক্ৰী আৰু বিতৰণ নিষিদ্ধ কৰিছে। 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্র্যালয়ে জনায় যে জনস্বাস্থ্যৰ সুৰক্ষাৰ বাবে তথা কেৱল ফলদায়ক আৰু বৈজ্ঞানিকভাৱে বৈধকৃত ঔষধহে জনসাধাৰণৰ বাবে উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এফ ডি চি (নিৰ্ধাৰিত মাত্ৰাৰ সংমিশ্রণ) ঔষধবোৰ হৈছে সেইবোৰ ঔষধ যিবোৰত দুটা বা ততোধিক একটিভ ফার্মাচিউটিকেল ইনগ্রেডিয়েন্ট (এ পি আই-সক্রিয় ঔষধজাতীয় উপাদান) থাকে। 

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি অনুষ্ঠিত কৰা এফ ডি চিৰ পুনৰীক্ষণ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্রহণ কৰা হয়। বিভিন্ন ঔষধৰ সংমিশ্রণ পৰীক্ষা কৰিবলৈ তথা অযুক্তিসংগত, চিকিৎসামূলক সত্য প্রতিপাদন নোহোৱা বা ক্ষতিকাৰক হোৱাৰ আশংকা থকা ঔষধসমূহ চিনাক্ত কৰিবলৈ ড্রাগ টেকনিকেল এডভাইজাৰী ব'র্ডে (ডি টি এ বি) বিশেষজ্ঞৰ এখন সমিতি গঠন কৰি দিছিল। কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে জনোৱা মতে, নিষিদ্ধ কৰা দৰবসমূহৰ ভিতৰত চৰ্মৰোগৰ ঔষধ, বিষনাশক, মাংসপেশী সংকোচন নিৰাময়ৰ ঔষধ তথা এন্টিবায় 'টিক ঔষধ আছে। 

নিষিদ্ধ কৰা এফ ডি চি বোৰ হৈছে এচিটিল ছেলিচিলিক এচিডৰ সৈতে এট'হহেপটাজিন; ডাইচাইক্ল'মিন, পেৰাচিটামল আৰু ক্লিডিনিয়াম ব্র'মাইড; ডাইচাইক্ল 'মিন, পেৰাচিটামল, ক্লিডিনিয়াম ব্র'মাইড আৰু ক্লডিয়াজিপ'ক্সাইড; গ্লিক্লাজাইডৰ সৈতে ক্রমিয়াম পিক'লিনেট; আৰু পেৰাচিটামলৰ সৈতে লিগন'কেইন। কেইবাটাও এন্টিবায়টিক ঔষধ নিষিদ্ধ কৰা হৈছে। সেইবোৰ হৈছে- এম 'ক্সিলিনৰ সৈতে ছেৰেছিঅ'পেপটিডে'জ, এম'ক্সিলিনিৰ সৈতে ছেৰেছিঅ'পেপটিডে'জ আৰু লেক্ট'বেচিলাছ স্প'ৰ 'জিনিছ, এম'ক্সিলিনৰ সৈতে ক্ল'ক্সচিলিন, লেকটিক এচিড বেচিলাছ আৰু ছেৰেছিঅ'পেপটিডে'জ, চেফাড্রক্সিলৰ সৈতে প্ৰ'বেনিছিড আৰু চেফুৰক্সিম। এই নিষিদ্ধ তালিকাত চৰ্মৰোগৰ কেইবাটাও ঔষধ আছে। সেইবোৰ হৈছে এল' ভেৰা বা ছালকুঁৱৰীৰ সৈতে ভিটামিন ই, জ'জ'বা অইল, অৰেঞ্জ অইল, হুইট জার্ম অইল, টী ট্রী অইল, এলেনটইন আৰু ডি-পেনদেনল। কেন্দ্রীয় মন্ত্র্যালয়ে অধিসূচনাত উল্লেখ কৰা ঔষধসমূহ ড্রাগ এণ্ড কছমেটিক এক্ট, ১৯৪০-ৰ ২৬ এ ধাৰাৰ অধীনত নিষিদ্ধ কৰিছে।

Share This