কাজিৰঙাত কালিৰে পৰা মনছুন কার্নিভেল আৰম্ভ

dainik janambhumi June 21, 2026

ডিজিটেল ডেস্ক : কালিৰে পৰা আৰম্ভ হ'ল কাজিৰঙাৰ আয়'ৰা দ্য ৰিট্রিট অতিথিশালাত 'মনছুন কার্নিভেল'। কালি এক সংবাদমেলযোগে আয়'ৰা কর্তৃ পক্ষই জনোৱা মতে, কাজিৰঙাৰ ঋতুকালীন পর্যটনক বছৰজোৰা পৰ্যটন কৰি তোলাৰ উদ্দেশ্যৰ এক অংশ হিচাপেই এই মনছুন কার্নিভেল আৰম্ভ কৰা হৈছে। 

সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ পৰাৰ লগে লগে কাজিৰঙাৰ পৰ্যটন বৰ্ষৰো অন্ত পৰে। ইয়াৰ মাজতেই গ্রীষ্ম আৰু বর্ষাকালীন সময়ছোৱাত যাতে পর্যটক কাজিৰঙালৈ আহে তাৰ বাবে এই সময়ছোৱাত অৱসৰৰ বাবে আয়'ৰা অতিথিশালালৈ অহা ভিন্ন বয়সৰ পৰ্যটকৰ বাবে ৰুচি অনুপাতে বিভিন্ন কাৰ্যসূচীৰে 'মনছুন কার্নিভেল' আৰম্ভ কৰা হৈছে। পুৱাৰ ভাগত 'নেচাৰ ৱাক', 'বৰশী বোৱা', 'সাংস্কৃতিক কার্যসূচী' আদি কাৰ্যসূচীৰ লগতে লেখক-সাংবাদিক অতনু ভট্টাচার্য আৰু সাংস্কৃতিক কর্মী মিতালী দে'ৰ গল্পকথা অনুষ্ঠানো অনুষ্ঠিত হ'ব। একেদৰে শিশুৰ বাবে বিভিন্ন আকর্ষণীয় কাৰ্যসূচীৰ লগতে মূকাভিনয় অনুষ্ঠিত হ'ব। 

কালিৰ পৰা ১৯ জুলাইলৈকে আয়'ৰা ৰিজ'ৰ্টত এই মনছুন কার্নিভেল চলিব। আয়'ৰা অতিথিশালাত থকা পৰ্যটকৰ বাবে বিশেষ সুবিধা থকাৰ বিপৰীতে বাহিৰৰ পৰ্যটকে বা লোকে ন্যূনতম অৰ্থৰ বিনিময়ত কাৰ্যসূচী একাংশত অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে। অধিক জানিবলৈ আয়'ৰা কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Share This