ডিজিটেল ডেস্ক : মেধাৱী শিক্ষার্থীসকলক স্কুটী প্ৰদান কৰি চমক দিয়া ৰাজ্য চৰকাৰখনে অনাগত দিনত স্কুটী প্ৰদানৰ আঁচনিখন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। অন্তিমবাৰৰ বাবে এইবাৰেই ৰাজ্যৰ মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান কৰা হ'ব। অৱশ্যে নাৰী শিক্ষা প্ৰগতিৰ বাবে নিযুত মইনা আঁচনিৰ মাননি বৃদ্ধি কৰিব চৰকাৰে।
উল্লেখযোগ্য যে প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি বঁটা হিচাপে বিগত সময়ছোৱাত মেধাৱী ছাত্ৰীসকলক ৰাজ্য চৰকাৰে স্কুটী প্ৰদান কৰি আহিছিল। সেই অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যিকোনো শাখাত ৮০ শতাংশতকৈ বেছি নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰীসকলে চৰকাৰে প্ৰদান কৰা স্কুটী লাভ কৰিছিল।
কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত স্কুটীৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰখনে নিযুত মইনা আঁচনিৰ অধীনত সকলোকে সামৰি লোৱাৰ সিদ্ধান্ত লয়। যাৰ বাবে এইবাৰেই শেষবাৰৰ বাবে মেধাৱী শিক্ষার্থীসকলে স্কুটী লাভ কৰিব।