ডিজিটেল ডেস্ক : ইজৰাইলে লেবাননত আক্রমণ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত ইৰানে পুনৰ হৰমুজ প্রণালী বন্ধ কৰি দিলে। ইহুদী ৰাষ্ট্ৰ ইজৰাইলে শনিবাৰে দক্ষিণ লেবাননত পুনৰ ভয়াৱহ আক্রমণ চলায়। বৃহস্পতিবাৰে নিশাৰ পৰা ইহুদী ৰাষ্ট্ৰখনে বেইৰুটত চলোৱা আক্রমণত দুদিনত ৫২জন লোকৰ মৃত্যু হৈছে।
শনিবাৰৰ আক্ৰমণৰ পাছতে ইৰানৰ সামৰিক নেতৃত্বই ঘোষণা কৰে যে লেবাননত ইজৰাইলী বাহিনীয়ে কৰা আক্রমণে ইৰান-আমেৰিকাৰ শান্তি চুক্তি ব্যাহত কৰিছে। যাৰ ফলস্বৰূপে ইৰানী শাসকবর্গই পুনৰ হৰমুজ প্রণালী বন্ধ কৰাৰ কথা ঘোষণা কৰে।
শান্তি চুক্তিৰ পাছত শত্ৰু ৰাষ্ট্ৰই প্রথমটো প্রতিশ্রুতি ভংগ কৰাৰ ফলত হৰমুজ প্রণালী বন্ধ কৰা হৈছে; কিন্তু লেবাননত আক্রমণ অব্যাহত থাকিলে অধিক কঠোৰ পদক্ষেপ লোৱা হ'ব বুলিও ইৰানী নেতৃত্বই সকীয়াই দিয়ে। ইফালে, মার্কিন চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰিছে যে ইৰান আমেৰিকাৰ শান্তি চুক্তি আৰু ইজৰাইল-লেবাননৰ যুদ্ধ বিৰতি হ'লেও লেবাননত আক্রমণ অব্যাহত ৰখাৰ পক্ষতহে আছে ইজৰাইল।
আমেৰিকাৰ ইজৰাইলী ৰাষ্ট্ৰদূত য়েচেইল লেইটাৰে শুকুৰবাৰে প্ৰকাশ কৰিছিল যে ইজৰাইলে তাৎক্ষণিকভাৱে লেবাননৰ লগত যুদ্ধ-বিৰতি চুক্তি কৰি আক্ৰমণ-প্রত্যাক্ৰমণৰ অন্ত পেলাব বিচাৰিছে। তাৰ বিপৰীতে মার্কিন চোৰাংচোৱাই আকৌ প্রকাশ কৰিছে যে ইজৰাইলে আক্রমণ অব্যাহত ৰখাৰহে পক্ষপাতী।