পুনৰুদ্ধাৰ কৰিব ৰাজ্যৰ ১৬টা বৃহৎ জলাশয়

dainik janambhumi February 11, 2026

ডিজিটেল ডেস্ক : অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত মুখ্য সচিব এল ছুইটী চাংচনে ৯ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ মাইজান জলাশয় এলেকাত বিস্তৃত ক্ষেত্ৰ পৰিদৰ্শন কৰে। ৰাজ্যখনৰ জলাশয় পুনৰুদ্ধাৰৰ অভিলাষী পদক্ষেপৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমুজ্জ্বল বৰা আৰু জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে দলটোৱে মাইজান বিল আৰু নাগাঘুলি ঘাট পৰিদৰ্শন কৰে। এই ভ্রমণকালত তেওঁলোকে গাঁও প্রধানকে ধৰি স্থানীয় প্রতিনিধিসকলৰ সৈতে মত বিনিময় কৰি জলাশয় পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ সন্দৰ্ভত সম্প্রদায়টোৰ উদ্বেগ আৰু আশা-আকাংক্ষাসমূহৰ বুজ লয়। ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ১২ কিল'মিটাৰ নিলগত অৱস্থিত মাইজান জলাশয় (মাইজান বিল) হৈছে এক অশ্বখুৰাকৃতিৰ হ্রদ। ই ব্ৰহ্মপুত্ৰ নদীৰ সৈতে পোনপটীয়া সংযোগ ৰক্ষা কৰে আৰু গড় সাগৰ পৃষ্ঠৰ পৰা ৮৬-১০২ মিটাৰ উচ্চতাত অৱস্থিত।

৪৪.৫ হেক্টৰ মাটিকালিৰ এই জলাশয়টোৰ গভীৰতা ৩-ৰ পৰা ৯ মিটাৰ পৰ্যন্ত আৰু ই সম্পূৰ্ণৰূপে চাহ বাগানেৰে আবৃত। এই জলাশয়টোৰ জৈৱ-বৈচিত্র্য অতি আকর্ষণীয়, য'ত ৫৪ বিধ মাছৰ প্ৰজাতি, ৪২ বিধ মেক্র'ফাইট (জলজ উদ্ভিদ) আৰু প্ৰচুৰ পৰিমাণৰ ফাইটোপ্লাংকটন পোৱা যায়। পর্যটক আৰু চৰাইপ্রেমীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্রবিন্দু এই বিলখন পৰিভ্ৰমী চৰাইৰ বাবে এক গুৰুত্বপূৰ্ণ শীতকালীন আৱাসস্থল। ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ চক্র বিষয়া সমুজ্জ্বল বৰাই কয়, 'মাইজান বিলৰ পুনৰুজ্জীৱিতকৰণ কেৱল পৰিৱেশৰ অগ্রাধিকাৰেই নহয়, ডিব্ৰুগড়ৰ বান ব্যৱস্থাপনাৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। প্ৰদূষণ আৰু অন্যান্য কাৰকৰ বাবে বিলখন প্রায় মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল। এই পুনৰুজ্জীৱিতকৰণে ইয়াক এক নতুন জীৱন দিব। ব্ৰহ্মপুত্ৰৰ অতিৰিক্ত বানপানীৰ দিশ পৰিৱৰ্তন কৰি অৱবাহিকাত বান আৰু খহনীয়াৰ আশংকা হ্রাস কৰাৰ ক্ষেত্ৰত মাইজানৰ দৰে জলাশয়ৰ পুনৰুজ্জীৱিতকৰণ অপৰিহাৰ্য। প্রকল্পটোৰ সফলতা নিশ্চিত কৰিবলৈ আমি এ এছ ডি এম এ আৰু স্থানীয় ৰাইজৰ সৈতে নিবিড়ভাৱে কাম কৰিম।' মহাকাশ প্রয়োগ কেন্দ্রই (Space Applications Cen-tre) ৰাজ্যৰ বানপানীৰ ধৰণ আৰু পানীৰ প্ৰৱাহৰ ওপৰত কৰা এক বৈজ্ঞানিক মূল্যায়নৰ ভিত্তিত অসমৰ যি ১৬টা জলাশয় পুনৰুদ্ধাৰৰ বাবে বাছনি কৰা হৈছে, তাৰ ভিতৰত মাইজান বিল অন্যতম। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ব্রহ্মপুত্র নদী উপত্যকাত জলধাৰণ ক্ষমতা বৃদ্ধি কৰা আৰু বান-খহনীয়াৰ আশংকা হ্রাস কৰা। উল্লেখযোগ্য যে যোৱা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে ডিব্ৰুগড়ৰ পৰাই এই বৈজ্ঞানিকভাবে চিনাক্ত কৰা জলাশয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে ৬৯২ কোটি টকীয়া প্রকল্পটোৰ শুভাৰম্ভ কৰিছিল।

এই অভিলাষী পৰিকল্পনাত ব্ৰহ্মপুত্ৰৰ অতিৰিক্ত বানপানী এই জলাশয়সমূহলৈ বোৱাই নি বার্ষিক বানপানীৰ বিধ্বংসী প্ৰভাৱ হ্রাস কৰাৰ লক্ষ্য লোৱা হৈছে। বাছনি কৰা ১৬টা জলাশয় ডিব্রুগড়, শোণিত পুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, মাজুলী, তিনিচুকীয়া, মৰিগাঁও আৰু কামৰূপকে ধৰি একাধিক জিলাত বিস্তৃত হৈ আছে। বিভিন্ন নদী আৰু উপনৈৰ বানপানী নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি প্ৰতিটো জলাশয় কৌশলগতভাৱে বাছনি কৰা হৈছে। এই পুনৰুদ্ধাৰ প্ৰকল্পটোৱে এক দুমুখীয়া লক্ষ্য আগত ৰাখিছে অত্যাৱশ্যকীয় পৰিৱেশতন্ত্ৰ সংৰক্ষণ কৰা আৰু একেলগে বান ব্যৱস্থাপনাৰ আন্তঃগাঁথনি উন্নত কৰা। মাইজান বিলৰ ক্ষেত্রত এই পদক্ষেপে বছৰ বছৰ ধৰি চলি অহা অৱক্ষয় ৰোধ কৰি ইয়াৰ পাৰিপাৰ্শ্বিক মূল্য ঘূৰাই অনাৰ লগতে পৰিৱেশ-পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰিব, যাৰ পৰা স্থানীয় লোকসকল আর্থিকভাৱে লাভৱান হ'ব পাৰিব।

Share This