ডিজিটেল ডেস্ক: ভাৰত আৰু ইজৰাইলে বৃহস্পতিবাৰে কেইবাখনো বুজাবুজিৰ চুক্তিত (এম অ'ইউ) স্বাক্ষৰ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৰ মাজত প্রতিনিধি-পৰ্যায়ৰ আলোচনা হোৱাৰ পাছতে কৃত্রিম বুদ্ধিমত্তা, ইউ পি আইৰ যোগেদি বিত্তীয় সংযোগ, মীন পালন, সংস্কৃতি, ভূ-বিজ্ঞান, ল'থেল মেৰিটাইম মিউজিয়াম আদি বিষয়ক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।
ইজৰাইলৰ বিদেশ মন্ত্রী গিডিয়ন ছাৰৰ কাৰ্যালয়ে জনায় যে ভাৰত আৰু ইজৰাইলৰ মাজত ১৭খন চুক্তি আৰু বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ছাৰৰ কাৰ্যালয়ে কয় যে ছাৰ আৰু ভাৰতৰ বিদেশ মন্ত্রী জয়শংকৰে 'কৃষি উদ্ভাৱন আৰু প্রযুক্তি, অসামৰিক ড্ৰ'ন ব্যৱহাৰ, ছেটেলাইট ডাটা, জলসিঞ্চন আৰু সাৰৰ ব্যৱস্থাপনা, কীট-পতংগ নিয়ন্ত্রণ, সেউজগৃহ কৃষি আৰু উন্নত কৃষি প্ৰযুক্তিৰ জ্ঞান হস্তান্তৰ বিষয়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।' ইফালে, সংবাদমেলত প্রধানমন্ত্রী নেটান্যাহুৱে ভাৰতৰ সৈতে থকা তেওঁৰ ব্যক্তিগত সংযোগৰ কথা স্মৰণ কৰে। তেওঁ কয়, 'মই ভাৰতৰ ওচৰত ব্যক্তিগতভাৱে বিৰাট ধৰুৱা।' ভাৰতৰ এখন ৰেস্তোৰাঁত পত্নী ছাৰা নেটান্যাহুৰ সৈতে হোৱা প্রেমমূলক সাক্ষাতৰ (ডেট) কথা তেওঁ মনত পেলায়।
ভাৰতীয় ৰাষ্ট্ৰদূত জে পি সিঙে আনুষ্ঠানিকভাৱে ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ সৈতে এই বুজাবুজিৰ চুক্তিকেইখন বিনিময় কৰে। ইয়াৰ উপৰি দুয়োখন দেশে ঘোষণা কৰে যে ভাৰত-ইজৰাইলে দ্বিপাক্ষিক সম্পৰ্কক এক 'বিশেষ ৰণকৌশলগত অংশীদাৰিত্ব 'লৈ (স্পেচিয়েল ষ্ট্ৰেটেজিক পার্টনাৰশ্বিপ) উন্নীত কৰিছে। দুয়োখন দেশৰ মাজত অর্থনৈতিক সহযোগিতা বৃদ্ধিৰ ইংগিত দি প্রধানমন্ত্রী মোদীয়ে কয়, 'আমি দুয়োখন দেশৰ বাবে হিতকাৰী এক মুক্ত বাণিজ্য চুক্তিৰ (এফ টি এ) বাবে কাম কৰিছোঁ।'
উল্লেখযোগ্য যে ভাৰত-ইজৰাইলৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ বাবে অনুষ্ঠিত প্রথমলানি আলোচনা বৃহস্পতিবাৰে নতুন দিল্লীত সফলভাৱে সমাপ্ত হয়। এফ টি এক লৈ দুয়োখন দেশৰ মাজত নতুন দিল্লীত ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ আলোচনা অনুষ্ঠিত হৈছিল। অহা মে' মাহত দ্বিতীয়লানি আলোচনাৰ পৰিকল্পনা কৰা হৈছে। ইফালে, ইজৰাইলী প্রধানমন্ত্রী নেটান্যাহুৱে কয় যে যি উদ্ভাৱন কৰিব তেওঁৰে হাতত ভৱিষ্যৎ। তেওঁ কয়, 'ভাৰত-ইজৰাইল উদ্ভাৱনৰ বাবে সংকল্পবদ্ধ। আমি আমাৰ প্ৰাচীন সভ্যতাক লৈ গৌৰৱান্বিত, আমাৰ অতীতক লৈ অতি গৌৰৱান্বিত। কিন্তু ভৱিষ্যতৰ বাবেও আমি সংকল্পবদ্ধ আৰু আমি এইটো একেলগ হৈ বেছি ভালদৰে কৰিব পাৰিম।' নেটান্যাহুৱে আৰু কয়, 'আমি ভাৰতত এখন জিটুজি (চৰকাৰৰ সৈতে চৰকাৰৰ)বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ।'
উল্লেখযোগ্য যে কালি প্রতিনিধি বৈঠকৰ আগত মোদীয়ে য়াড ভাশ্বেমত শ্রদ্ধাঞ্জলি আগবঢ়ায়, হ'ল'কাষ্ট মেম'ৰিয়েল দৰ্শন কৰে আৰু দুয়োজন নেতাই ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত গছপুলি ক্ষৰিত ৰোপণ কৰে।