ডিজিটেল ডেস্ক : লোক সভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে অসমৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াকে ধৰি ১৭জন সাংসদক শনিবাৰে 'সংসদ ৰত্ন-২০২৫' সন্মান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই সন্মানীয় বঁটা লাভ কৰা শইকীয়া হৈছে উত্তৰ - পূৰ্বাঞ্চলৰ প্ৰথমজন সাংসদ। উক্ত ১৭টা বঁটাৰ ভিতৰত ৪টা 'স্পিচিয়েল জুৰী এৱাৰ্ডৰ্ছ'ও (বিচাৰকৰ বিশেষ বঁটা) আছে। বঁটা লাভ কৰা সাংসদসকলৰ ভিতৰত আছে বিজেপিৰ ৰবি কিষাণ, নিশিকান্ত ডুবে, স্মিতা উদয় ৱাঘ, ড° মেধা বিশ্রাম কুলকাৰ্নী, প্রবীণ পেটেল, বিদ্যুৎ বৰণ মাহাতো, পি পি চৌধাৰী আৰু মদন ৰাথোৰ। আন দলৰ ভিতৰত শিৱ সেনা (ইউ বি টিৰ) অৰৱিন্দ সামন্ত, শিৱ সেনাৰ নৰেশ গণপত মাসকে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যাপক গাইকোৱাড বর্ষা একনাথ আৰু ডি এম কেৰ চি এন আন্নাডুৰাই।
একেৰাহে তিনিটা কার্যকাল সংসদীয় গণতন্ত্রলৈ একেৰাহে আগবঢ়োৱা বৰঙনিৰ স্বীকৃতি হিচাপে বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হৈছে বিজেপিৰ ভর্তুহাৰী মাহতাব, আৰ এছ পিৰ এন কে প্রেমচন্দ্রন এন চি পি (এছ পি)ৰ সুপ্রিয়া সুলে আৰু শিৱ সেনাৰ শ্ৰীৰংগ আপ্পা বাৰনেক। ইফালে সমিতি শিতানত বিজেপিৰ ভর্তুহাৰী মাহতাবৰ নেতৃত্বৰ বিত্ত বিষয়ক সংসদীয় স্থায়ী সমিতি তথা কংগ্ৰেছৰ ড° চৰণজিৎ সিং চান্নীৰ নেতৃত্বৰ কৃষি বিষয়ক সংসদীয় স্থায়ী সমিতিক তেওঁলোকৰ প্ৰতিবেদনৰ মান আৰু বিধান মণ্ডলীয় তত্ত্বাৱধানৰ বাবে স্বীকৃতি প্রদান কৰা হয়।
শনিবাৰে নতুন দিল্লীৰ মহাৰাষ্ট্ৰ সদনত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে সাংসদসকলক এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পৰামৰ্শ অনুসৰি ২০১০ চনত প্রাইম পইন্ট ফাউণ্ডেশ্যন আৰু ই-মেগাজিন প্রিছেনছে ২০১০ চনত সংসদ ৰত্ন বঁটা আৰম্ভ কৰে। ড° কালামেই ২০১০ চনৰ মে'ত চেন্নাইত অনুষ্ঠিত এই বঁটা প্রদান অনুষ্ঠানৰ উদ্বোধন কৰিছিল।