পাকিস্তানত ১৭ সন্ত্রাসবাদী নিহত

dainik janambhumi April 29, 2025

ডিজিটেল ডেস্ক : পাকিস্তানত নিৰাপত্তা বাহিনীৰ জোৱানে সোমবাৰে নিষিদ্ধঘোষিত তেহৰিক-ই-তালিবান পাকিস্তানৰ ১৭টা সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। 

পাকিস্তান-আফগানিস্তান সীমান্তত চলোৱা এই অভিযানৰ পাছত যোৱা তিনিদিনত নিহত হোৱা বিদেশী সন্ত্রাসবাদীৰ সংখ্যা ১৭লৈ বৃদ্ধি পায়। 

সোমবাৰে, খাইবাৰ পাখটুনখাৱা প্ৰদেশৰ উত্তৰ ৱাজিৰিস্তান জিলাত অভিযান চলোৱাত সন্ত্রাসবাদীকেইটা নিহত হয়। সংঘৰ্ষস্থলীৰ পৰা অস্ত্র-শস্ত্র, বুলেট আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়।

Share This