ডিজিটেল ডেস্ক : দেশৰ নির্বাচন আয়োগে ১২খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী প্রক্রিয়াৰ (এছ আই আব) দ্বিতীয় পর্যায় সম্পূর্ণ কৰে। শনিবাবে নির্বাচন আয়োগে এই ১২খন ৰাজ্যৰ ভিতৰত ৯ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰে।
এই ৯খন ৰাজ্যৰ ভোটাৰৰ সংখ্যা ৭.৯ শতাংশ হ্রাস হৈ ১৯.৭ কোটি হয়গৈ। ২০২৫ চনৰ ২৭ অক্টোবৰত এছ আই আৰ প্রক্রিয়া ঘোষণা কৰাৰ পূর্বে এই ৰাজ্যকেইখনৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা ২১.৪ কোটি।
গুজৰাট, ছট্টিশগড়, কেৰালা, মধ্য প্রদেশ, বাজস্থান, লাক্ষাদ্বীপ, পুডুচেৰী, গোৱা আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বমুঠ ভোটাৰৰ নাম ১.৭ কোটি বাদ পৰিছে। আনহাতে, পশ্চিম বংগ, উত্তৰ প্রদেশ আৰু তামিলনাডুত ভোটাৰৰ চূড়ান্ত তালিকা এতিয়াও প্রকাশ কৰা নাই নির্বাচন আয়োগে।