পি এম কিষাণ নিধিৰ ২৩ সংখ্যক কিস্তি, ৯.৪৪ কোটি কৃষকলৈ ১৮,৮৮০ কোটি টকা হস্তান্তৰ

dainik janambhumi June 21, 2026

ডিজিটেল ডেস্ক : অন্নদাতাৰ সামগ্রিক বিকাশৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ (পি এম কিষাণ নিধি) ২৩সংখ্যক কিস্তিৰ অধীনত শুকুৰবাৰে ৯.৪৪ কোটিতকৈ অধিক দেশৰ কৃষকৰ বেংক একাউন্টলৈ প্রত্যক্ষভাৱে ১৮,৮৮০ কোটি টকা হস্তান্তৰ কৰে। পশ্চিম বংগত হুগলী জিলাৰ তাৰকেশ্বৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্র দেশৰ উপযুক্ত কৃষকলৈ প্রত্যক্ষভাৱে এই বিত্তীয় সাহায্য হস্তান্তৰ কৰে। 

উল্লেখযোগ্য যে এই ২৩সংখ্যক কিস্তিৰ অধীনত দেশৰ ২.১৮ কোটি মহিলা কৃষক উপকৃত হ'ব । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ হুগলীৰ তাৰকেশ্বৰ পৰা প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ২৩সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে দেশজুৰি ৯.৪৪ কোটিতকৈ অধিক কৃষকৰ বেংক একাউন্টলৈ প্রত্যক্ষভাৱে ১৮,৮৮০ কোটিতকৈ অধিক ধন স্থানান্তৰ কৰা হয়। এই কিস্তিৰ হিতাধিকাৰীৰ ভিতৰত ২.১৮ কোটিতকৈ অধিক মহিলা কৃষকো অন্তর্ভুক্ত হৈছে। 

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ কামৰূপস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ভার্চুৱেলী পি এম-কিষাণ সন্মান উৎসৱত যোগদান কৰে। এই অনুষ্ঠানত কৃষি বিভাগৰ বিষয়া, কৃষি বিজ্ঞানী, বিশেষজ্ঞ আৰু কৃষকসকল উপস্থিত আছিল। সমৱেত লোকসকলক সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে কয়, 'আজিৰ দিনটো কেৱল চৰকাৰী আঁচনিৰ আন এক কিস্তি মুকলি কৰাৰ দিন নহয়, ই হৈছে আমাৰ অন্নদাতাসকলৰ সৈতে চৰকাৰৰ আস্থা-বিশ্বাসৰ এক উদ্যাপনৰ এটা দিন। 

অসমত পি এম-কিষাণ আঁচনিৰ প্ৰভাৱৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে ৰাজ্যখনৰ ১৮.৫৬ লাখৰো অধিক কৃষকে ২৩সংখ্যক কিস্তিৰ অধীনত সুবিধা লাভ কৰিছে আৰু ৩৭১ কোটিতকৈ অধিক ধন প্রত্যক্ষভাৱে তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে। আঁচনিখন আৰম্ভ হোৱাৰ পৰাই অসমৰ কৃষকসকলে মুঠ ৮,২৯২ কোটিতকৈ অধিক আর্থিক সহায় লাভ কৰিছে। 

অসমৰ বিষয়ে সোণোৱালে কয় যে ব্রহ্মপুত্র উপত্যকাৰ উৰ্বৰ ভূমি আৰু ৰাজ্যখনৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰমে ভাৰতৰ কৃষিগত বিকাশৰ কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ দেশৰ ৭২৮খন জিলাত চলি থকা 'খেত বচাও অভিযান'ৰ কথাও উল্লেখ কৰে, যাৰ লক্ষ্য হৈছে ১ কোটিতকৈ অধিক কৃষকৰ মাজত বৈজ্ঞানিক কৃষি পদ্ধতি আৰু মাটিৰ গুণাগুণ ব্যৱস্থাপনাৰ প্ৰচাৰ কৰা। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যোৱা ১২ বছৰত কৃষিক্ষেত্রত সংঘটিত বৃহৎ পৰিৱৰ্তনৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে কৃষি বাজেট ২৭,৬৬৩ কোটিৰ পৰা বৃদ্ধি পাই ১.৪০ লাখ কোটিলৈ উন্নীত হৈছে, আৰু কৃষকসকলক সুলভ প্রতিষ্ঠানিক ঋণ প্রদানৰ বাবে দেশজুৰি প্রায় ৮ কোটি কিষাণ ক্রেডিট কার্ড জাৰি কৰা হৈছে। সোণোৱালে ভাৰতৰ কৃষিক্ষেত্ৰৰ বৰ্ধিত শক্তিৰ কথাও উল্লেখ কৰি কয় যে কৃষি, সামুদ্রিক আৰু খাদ্য সামগ্ৰীৰ ৰপ্তানি বছৰি ৪ লাখ কোটিৰ সীমা অতিক্রম কৰিছে ।

Share This