মহাৰাষ্ট্ৰত মধ্যাহ্ন ভোজন আঁচনিত ১৮শ কোটিৰ কেলেংকাৰি

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন আঁচনিত ১,৮০০ কোটি টকাৰ কেলেংকাৰি হৈছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱ সেনা (ইউ বি টি)ৰ বিধায়ক কৈলাস পাটিলে। 

এটা বিবৃতিত তেওঁ দাবী কৰে যে নিবিদা প্রক্রিয়াত প্রতি কিল'গ্রামত ১৩৪ টকাকৈ সেউজীয়া মটৰ মাহ দিয়াটো বাধ্যতামূলক আছিল যদিও বিদ্যালয়বোৰক প্ৰকৃততে বগা মটৰ মাহ দিয়া হৈছে, যিবোৰৰ প্ৰতি কিল'গ্রামত দাম ৩০ টকা মান। পাটিলৰ মতে, এই দুর্নীতি সমগ্র ৰাজ্যৰ বিদ্যালয়ত মুকলিভারে চলি আছে। তেওঁ নথি-পত্র দেখুৱাই কয় যে বিভাগীয়ভাৱে প্রতি কিল 'গ্রামত ১৩৪ টকাকৈ সেউজীয়া মটৰ মাহত অভিযোগ মতে, যোগানকাৰী সকলে কম মূল্যৰ বগা মটৰ মাহ যোগান ধৰিছে, কিন্তু চৰকাৰৰ বিল দিওঁতে উচ্চ হাৰত দিছে। 

পাটিলে আৰু অভিযোগ কৰে যে শিশুৰ পৰিপুষ্টিৰ বাবে যোগান ধৰা ধন ছান কঢ়া হৈছে আৰু নিৰ্বাচন সংক্রান্তীয় খৰচত ব্যৱহাৰ কৰা হৈছে। সমগ্র বিষয়ত তেওঁ পুংখানুপুংখ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনায়।

Share This