ডিজিটেল ডেস্ক : এসময়ত সুস্বাস্থ্য বুলিলে শাৰীৰিক সুস্থতাকহে মূলতঃ বুজোৱা হৈছিল। জ্বৰ, কাহ, হৃদৰোগ, মধুমেহ আদি ৰোগৰ দৰে শাৰীৰিক ৰোগৰ চিকিৎসাকেই স্বাস্থ্যৰ মূল বিষয়ৰূপে গণ্য কৰা হৈছিল। কিন্তু এতিয়া মানুহে উপলব্ধি কৰিবলৈ লৈছে যে কেৱল শাৰীৰিকভাৱে সুস্থ হৈ থাকিলেই এজন মানুহ সম্পূর্ণ সুস্থ নহয়। তেওঁৰ মনটো যদি উদ্বিগ্নতা, হতাশা, ভয়, নিৰাপত্তাহীনতা, নিঃসংগতা অথবা গভীৰ মানসিক সংঘাতত জৰ্জৰিত হৈ থাকে, তেন্তে সেই জীৱনক প্রকৃত অৰ্থত সুস্থ জীৱন বুলি ক'ব নোৱাৰি। আচলতে মানুহৰ জীৱন কেৱল জীয়াই থকাৰ নাম নহয়। জীৱনৰ প্ৰকৃত সার্থকতা নিহিত হৈ থাকে সুস্থভাৱে চিন্তা কৰিব পৰা, অনুভৱ কৰিব পৰা, সমাজৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব পৰা আৰু জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'ব পৰা ক্ষমতাৰ ওপৰত। এই সকলোবোৰৰ সৈতে ঘনিষ্ঠভাবে জড়িত হৈ আছে মানুহৰ মানসিক স্বাস্থ্য প্রসংগ।
দৰাচলতে দ্রুত পৰিৱৰ্তনশীল সময়ত সমাজত মানসিক স্বাস্থ্য এক গুৰুত্বপূৰ্ণ সামাজিক বিষয়ৰূপে স্বীকৃত হৈছে। কৰ্মক্ষেত্ৰৰ চাপ, নিবনুৱা সমস্যা, অর্থনৈতিক অনিশ্চয়তা, পাৰিবাৰিক সংঘাত, সামাজিক প্রভাৱ, প্রতিযোগিতা, সামাজিক মাধ্যমৰ প্ৰভাৱ, সম্পৰ্কৰ অৱক্ষয়, সংঘাত আৰু ভৱিষ্যতৰ অনিশ্চয়তাই মানুহৰ মনোজগতত বিশেষ প্রভাৱ পেলায়। বিশ্ব স্বাস্থ্য সংস্থাৰ ২০২৬ চনত প্রকাশিত তথ্য অনুসৰি, ২০২৩ চনত সমগ্ৰ বিশ্বৰ প্ৰায় ১২০ কোটি মানুহ কোনো নহয় কোনো মানসিক ৰোগত আক্রান্ত। অর্থাৎ বিশ্বৰ প্ৰতি সাতজন মানুহৰ প্ৰায় এজনৰ মানসিক স্বাস্থ্যজনিত সমস্যা আছে। ইয়াৰ ভিতৰত উদ্বিগ্নতা আৰু বিষণ্ণতা অন্যতম।
অসমৰ ক্ষেত্ৰত শেহতীয়া কেতবোৰ ঘটনাই ৰাজ্যৰ একাংশ লোকৰ মানসিক স্বাস্থ্য সম্পর্কত সচেতন লোকক উদ্বিগ্ন, চিন্তিত কৰি তুলিছে। এইসকল লোকৰ সামগ্রিক মানসিক স্বাস্থ্য সম্পর্কতো প্রশ্ন, শংকা, সন্দেহৰ উন্মুকনি হৈছে। এই কথা ঠিক ৰাজ্যৰ সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ মাজত যুৱ প্ৰজন্ম, কর্মজীৱী মানুহ, মহিলা আৰু বয়োজ্যেষ্ঠ লোক, আনকি শিশুসকলো বিভিন্ন ধৰণৰ মানসিক চাপৰ সন্মুখীন হৈছে। সেয়েহে মানসিক স্বাস্থ্যক কেৱল ব্যক্তিগত সমস্যা বুলি নাভাবি ইয়াক এক সামূহিক স্বাস্থ্য আৰু সামাজিক উন্নয়নৰ বিষয়ৰূপে বিবেচনা কৰাৰ সময় আহি পৰিছে।
অৱশ্যে মনত ৰখা ভাল, মানসিক স্বাস্থ্য মানে কেৱল মানসিক ৰোগ নহয়। বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা অনুসৰি, মানসিক স্বাস্থ্য হৈছে এনে এক মানসিক সুস্থতাৰ অৱস্থা, য'ত এজন ব্যক্তিয়ে নিজৰ সামর্থ্য উপলব্ধি কৰিব পাৰে, জীৱনৰ স্বাভাৱিক চাপৰ সৈতে মোকাবিলা কৰিব পাৰে, ফলপ্রসূভাৱে কাম কৰিব পাৰে আৰু সমাজলৈ তেওঁৰ কাম-কাজ-আচৰণৰ মাজেৰে অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পাৰে। আনহাতে ২০২৫ চনৰ ৪ এপ্ৰিলত প্রকাশিত কেন্দ্ৰীয় চৰকাৰৰ এক তথ্য অনুসৰি, ভাৰতবৰ্ষৰ ৭০ৰ পৰা ৯২ শতাংশ মানসিক ৰোগত আক্রান্ত ব্যক্তিয়ে উপযুক্ত চিকিৎসা লাভ নকৰে বুলি ২০১৫-১৬ চনৰ সমীক্ষাতে প্রকাশ হৈছিল। ইয়াৰ মূল কাৰণ হিচাপে সজাগতাৰ অভাৱ, সামাজিক কলংকৰ ভয় আৰু মানসিক স্বাস্থ্য বিশেষজ্ঞৰ তাকৰ সংখ্যাই অন্যতম কাৰণ বুলি চিহ্নিত হৈছে। এই কথাই এটা গুৰুত্বপূৰ্ণ দিশ মুকলি কৰিছে। সেয়া হ'ল, মানসিক ৰোগৰ অস্তিত্বতকৈও গুৰুতৰ সমস্যা হৈছে এই ৰোগ উপযুক্ত ৰূপত চিনাক্ত নোহোৱা, চিকিৎসা নোলোৱা আৰু সমাজেও এনে ৰোগীক স্বাভাবিকভাবে গ্রহণ নকৰা। মানসিক ৰোগো যে আন ৰোগৰ দৰে এবিধ ৰোগ, সেয়া বুজা-অনুভৱ কৰা পৰিৱেশ এটা আমাৰ সমাজত এতিয়াও গঢ় লোৱা নাই। মানসিক ৰোগ, মানসিক স্বাস্থ্যৰ কথা ক'লে এতিয়াও সেই ৰোগীক বলিয়া, উন্মাদ, পাগল বুলি ভবাৰ স্তৰতে আমাৰ সমাজ আছে বুলি ক'লেও বঢ়াই কোৱা নহয়। শাৰীৰিক ৰোগ হ'লে মানুহে চিকিৎসকৰ কাষ চাপে, কিন্তু মানসিক ৰোগ হ'লে অনেকেই সেই ৰোগ লুকুৱাব খোজে। আনকি কোনো ব্যক্তিয়ে মানসিক চিকিৎসা গ্রহণ কৰিলে তেওঁৰ বিবাহ, সামাজিক সম্মান বা চাকৰি-বাকৰিৰ ক্ষেত্ৰত অসুবিধা হ'ব বুলি বহুতে ভাবে। এনে ৰোগৰ ক্ষেত্ৰত আধুনিক চিকিৎসাতকৈও অন্ধবিশ্বাস, বেজ-বেজালি, জৰা-ফুকাৰ ওপৰত অধিক নিৰ্ভৰ কৰাৰ প্ৰৱণতা এতিয়াও অধিক। দৰাচলতে মানসিক ৰোগ কোনো কলংক বা চৰিত্ৰগত দোষ নহয়, নহয় প্রতিকাৰ নথকাও। ই আন বহু ৰোগৰ দৰেই চিনাক্তকৰণ আৰু চিকিৎসাৰ প্ৰয়োজন থকা এক স্বাস্থ্যজনিত সমস্যা। সমাজে এই সত্যটো গ্ৰহণ কৰিব পাৰিলেহে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰকৃত পৰিৱৰ্তন সাধন হ'ব। আমি প্রায়ে মানুহ এজনৰ বাহ্যিক ৰূপটো প্রত্যক্ষ কৰোঁ, কিন্তু তেওঁৰ মনৰ ভিতৰখনৰ খবৰ নলওঁ। বাহিৰত দেখা মানুহজন আৰু তেওঁৰ মনৰ ভিতৰত চলি থকা কথাবোৰ একে নহ'বও পাৰে। এনে ক্ষেত্ৰত প্রয়োজন সেই মনৰ ভিতৰত মানুহজনৰ কাষত কোনোবা থকা। সেয়ে মানসিক সমস্যাত ভোগা মানুহক দুর্বল বুলি অভিহিত কৰাৰ পৰিৱৰ্তে তেওঁৰ কাষত থিয় দিয়াৰ মানসিকতা গঢ়ি তুলিব লাগিব। একে সময়তে আমাৰ মাজত এটা কথা প্রতিষ্ঠা হোৱা প্রয়োজন-মানসিক চিকিৎসা গ্রহণ কৰাটো লাজৰ বিষয় নহয়, বৰং ই সমাজ আৰু নিজৰ প্ৰতি দায়িত্বশীল হোৱাৰ পৰিচয়হে।