ডিজিটেল ডেস্ক : ধলা-শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেতু দেশৰ সৰ্বাধিক দৈর্ঘ্যৰ দলং হিচাপে পৰিচিত হৈ আহিছিল। কিন্তু শনিবাৰে বিহাৰত নীতিশ সেতু মুকলি হোৱাৰ লগে লগে ড° ভূপেন হাজৰিকা সেতুৱে সেই পৰিচয় হেৰুৱাই পেলালে। ধলা-শদিয়া সংযোগী এই দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনত মুকলি কৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ কথা ঘোষণা কৰিছিল। ৯.১৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ ২,০৫৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই দলংখনে অসমৰ সৈতে পোনপটীয়াকৈ অৰুণাচল প্রদেশক সংযোগ কৰি আহিছে।
ড° ভূপেন হাজৰিকা সেতু হৈছে সমগ্ৰ অসম আৰু অসমীয়াৰে গৌৰৱ। কিন্তু শনিবাৰৰ পৰা দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ দলঙৰ গৌৰৱেৰে গৌৰৱান্বিত হ'ব বিহাৰ। কাৰণ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত গংগা নদীৰ ওপৰত নিৰ্মিত নীতিশ সেতু বা কচ্চী দৰগাহ-বিদুপুৰ দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছতে সেই দলংখন হৈ পৰিল ভাৰতবৰ্ষৰ সৰ্বাধিক দৈৰ্ঘ্যৰ নদী দলং। ড° ভূপেন হাজৰিকা সেতুতকৈ এইখন দলঙৰ দৈৰ্ঘ্য ৬১ মিটাৰ বেছি। ৯.৭৬ কিল 'মিটাৰ দৈৰ্ঘ্যৰ নীতিশ সেতুৰ নিৰ্মাণত ব্যয় হয় ৫৫৭২ কোটি টকা।
ইয়াৰে ৩,৪৭২ কোটি টকা বিহাৰ চৰকাৰে এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা ঋণ হিচাপে লোৱাৰ বিপৰীতে ২,১০০ কোটি টকা ৰাজ্য চৰকাৰখনে নিজাকৈ ব্যয় কৰিছে। অৱশ্যে, ড° ভূপেন হাজৰিকা সেতুৱে সৰ্বাধিক দৈৰ্ঘ্যৰ নদী দলঙৰ পৰিচয় সাময়িকভাৱে হেৰুৱালেও অদূৰ ভৱিষ্যতে সৰ্বাধিক দৈৰ্ঘ্যৰ নদী দলংখন অসমতেই হ'ব। খুব সোনকালেই মুকলি হ'ব ৰাজ্যৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা ১৯.২৮২ কিল'মিটাৰ দৈৰ্ঘ্যৰ ধুবুৰী-ফুলবাৰী দলংখন আৰু ধুবুৰী-ফুলবাৰী দলংখন মুকলি হোৱাৰ লগে লগে সেইখনেই হ'ব দেশৰ সৰ্বাধিক দৈৰ্ঘৰ নদী দলং।