ডিজিটেল ডেস্ক : পাকিস্তানৰ কৰাচী মহানগৰত চলিত সপ্তাহত প্রতি তিনি ঘণ্টাৰ মূৰে মূৰে আহি থকা কম প্রাবল্যৰ ভূমিকম্পই উদ্বেগৰ সৃষ্টি কৰিছে। মন কৰিবলগীয়া কথাটো হ'ল ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা মলিৰ, লাংঘী আৰু কায়দাবাদৰ দৰে অঞ্চলৰ কাষতে দেশখনৰ পাৰমাণৱিক অস্ত্র ভাণ্ডাৰো আছে। এই বিষয়টোৱে চিন্তা অধিক বৃদ্ধি কৰিছে।
অৱশ্যে দেশখনৰ বতৰ বিজ্ঞান বিভাগৰ মতে, এই ভূমিকম্পৰ কাৰণ প্রাকৃতিকহে। বতৰ বিজ্ঞানী আমিৰ হাইদৰৰ মতে, লাংঘী ফল্ট লাইন সক্রিয় হোৱাৰ ফলতে এই ভূমিকম্পৰ উৎপত্তি হৈছে। দেওবাৰৰ পৰা মঙলবাৰৰ পুৱালৈকে এই অঞ্চলবোৰত কম প্রাবল্যৰ ১৯টা ভূমিকম্প হয়। শেহতীয়া ভূমিকম্প মঙলবাৰে পুৱা ৯-৫৭ বজাত হৈছিল আৰু ইয়াৰ প্রাবল্য আছিল ২.৮। তেওঁৰ মতে, এই ফল্ট লাইনত দীঘলীয়া সময় কোনো ভূমিকম্প হোৱা নাছিল আৰু এতিয়া লাহে লাহে শক্তি বাহিৰলৈ নিৰ্গত হোৱাৰ ফলতে ভূমিকম্পৰ সৃষ্টি হৈছে। ।
প্রথমটো ভূমিকম্প দেওবাৰে বিয়লি ৫-৩৩ বজাত অনুভূত হৈছিল আৰু ইয়াৰ প্রাবল্য আছিল ৩.৬। উল্লেখযোগ্য যে দেশখনৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকা অঞ্চলত এনেদৰে সঘনে হৈ থকা ভূমিকম্পই উদ্বেগৰ সৃষ্টি কৰিছে।