হিংসাত নিহত কুকিৰ গণসৎকাৰক কেন্দ্ৰ কৰি উত্তপ্ত মণিপুৰ, ১৯জন আহত

Ankita Sonowal August 04, 2023

ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাত্মক ঘটনাত নিহত হোৱা কুকি-জোমি লোকৰ গণ সৎকাৰৰ আয়োজনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ কাংভাই আৰু ফুগাকচাও অঞ্চলত আজি হোৱা সংঘৰ্ষত ১৯জন লোক আহত হয়৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনা আৰু ৰেপিড একশ্যন ফ’ৰ্চে [আৰ এ এফ] কন্দুৱা গেছ ব্যৱহাৰ কৰে৷ ই¥£ল পূব আৰু ই¥£ল পশ্চিমৰ জিলা দণ্ডাধীশ দুজনেও পূৰ্বতে সান্ধ্য আইন শিথিল কৰাৰ কথা ঘোষণা কৰিছিল যদিও নতুনকৈ অশান্তিৰ সৃষ্টি হোৱাৰ বাবে সেই ঘোষণা প্ৰত্যাহাৰ কৰে৷ উল্লেখযোগ্য যে মণিপুৰৰ হিংসাত্মক ঘটনাত নিহত হোৱা কুকি-জো সম্প্ৰদায়ৰ ৩৫জন লোকৰ গণ সৎকাৰ আজি চূড়াচান্দপুৰ জিলাত সম্পন্ন কৰাৰ কথা আছিল৷ কিন্তু মণিপুৰ উচ্ছ ন্যায়ালয়ে স্থিতাৱস্থা বাহাল ৰাখিবলৈ পুৱা নিৰ্দেশ দিয়াৰ পাছত সেই পৰিকল্পনা পিছুৱাই দিয়া হয়৷ গণ সৎকাৰৰ বাতৰিৰ বাবে পুৱাৰ পৰাই বিষ্ণুপুৰ জিলাত উত্তেজনাই দেখা দিয়ে আৰু হাজাৰ হাজাৰ স্থানীয় লোক পথলৈ ওলাই আহে আৰু নিৰাপত্তা বাহিনীসমূহৰ আহ-যাহত বাধা দিয়ে৷ মহিলাসকলৰ নেতৃত্বত স্থানীয় লোকসকলে সেনা আৰু আৰ এ এফে দিয়া বেষ্টনী ভাঙি দিয়ে৷ তেওঁলোকে দাবী কৰে যে তেওঁলোকক গণ সৎকাৰৰ স্থান তুইবুৱঙলৈ যাবলৈ দিব লাগে৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্য চৰকাৰে ই¥£ল পূব আৰু ই¥£ল পশ্চিম জিলাত সান্ধ্য আইন শিথিলকৰণ প্ৰত্যাহাৰ কৰে৷  উল্লেখযোগ্য যে মণিপুৰৰ জাতিগত হিংসাত্মক ঘটনাত নিহত হোৱা কুকি-জোমি লোকসকলৰ গণ সৎকাৰ আজি অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু গণ সৎকাৰৰ কেইঘণ্টামানৰ আগে আগে মণিপুৰ উচ্ছ ন্যায়ালয়ে চূড়াচান্দপুৰৰ প্ৰস্তাৱিত সৎকাৰৰ স্থানত স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে, জনজাতীয়সকলৰ এটা সৰ্বোচ্ছ গোট ‘ইণ্ডিজেনাছ ট্ৰাইবেল লীডাৰ্ছেজ ফ’ৰামে’ও [আই টি এল এফ] কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পৰা অনুৰোধ পোৱাৰ পাছত গণ সৎকাৰ পিছুৱাই দিয়া হৈছে৷ উল্লেখযোগ্য যে ৰাজ্যখনত হিংসাত্মক ঘটনাত নিহত হোৱা ৩৫জন লোকৰ গণ সৎকাৰ আজি চূড়াচান্দপুৰ জিলাৰ হাওলাই খোপি গাঁৱত সম্পন্ন কৰিবলৈ কুকি-জোমি সংগঠনটোৱে পৰিকল্পনা কৰিছিল৷ ফলত মণিপুৰৰ বহু জিলাত উত্তেজনাৰ সৃষ্টি হৈছিল৷ বিষয়টোৰ গুৰুত্ব বুজি মণিপুৰ উচ্ছ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এম ভি মুৰলীধৰণৰ নেতৃত্বৰ এখন পীঠে পুৱা ৬ বজাতে গোচৰটোৰ শুনানি ল’বলৈ আৰম্ভ কৰে আৰু নিহতসকলৰ গণ সৎকাৰ কৰিবলৈ লোৱা মাটিডোখৰৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰাখিবলৈ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু তেওঁলোকৰ আইন বলৱৎকাৰী সংস্থাসমূহ, লগতে জনসাধাৰণকো নিৰ্দেশ দিয়ে৷ পীঠখনে লগতে কয় যে বিষয়টোৰ পৰৱত¹ শুনানি লোৱা হ’ব জ্ঝ আগষ্টত৷ পীঠখনে ইতিমধ্যে অশান্ত হৈ থকা আইন আৰু শৃংখলা পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ সম্ভাৱনা আৰু গণ সৎকাৰৰ প্ৰস্তাৱিত স্থানত বৃহৎ সংখ্যক লোকৰ সম্ভাব্য সমাৱেশৰ কাৰণে নতুনকৈ হিংসাত্মক ঘটনা আৰু ৰক্তপাতৰ আশংকাৰ কথাও বিবেচনা কৰে৷ ন্যায়াধীশ গুণেশ্বৰ শৰ্মাও থকা পীঠখনে বিষয়টোৰ সৌহাৰ্দ্যপূৰ্ণ নিষ্পত্তিৰ বাবে চেষ্টা চলাবলৈ কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট পক্ষসমূহক নিৰ্দেশ দিয়ে৷ ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অনুৰোধ জনোৱাৰ কাৰণে সৎকাৰ পাঁচ দিনৰ বাবে পিছুৱাই দিবলৈ চৰ্তসাপেক্ষে সন্মত হয় আই টি এল এফ৷ সংগঠনটোৰ এজন মুখপাত্ৰই কয় যে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগায়ো একেধৰণৰ অনুৰোধ জনায়৷ আই টি এল এফে কয় যে তেওঁলোকে কালি নিশাৰ পৰা আজি পুৱা চ্ছ্ৰ বজালৈকে বিষয়টো আলোচনা কৰে৷ বিভিন্ন পক্ষৰ সৈতে আলোচনা কৰাৰ পাছত তেওঁলোকে গৃহ মন্ত্ৰ্যালয়ৰ অনুৰোধত সৎকাৰ পাঁচ দিন পিছুৱাই দিবলৈ সন্মত হয়, কিন্তু এই চৰ্তত যে একে স্থানতে গণ সৎকাৰ কৰা হ’ব আৰু চৰকাৰে মাটিখিনিৰ বৈধকৰণ কৰিব৷ তাৰ আগতে, গণ সৎকাৰৰ পৰিকল্পনাৰ বাবে উত্তেজনাৰ সৃষ্টি হোৱাত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীসমূহৰ অতিৰিক্ত দল বিষ্ণুপুৰ চূড়াচান্দপুৰ জিলাৰ সীমালৈ যায়৷

Share This