ৰাজ্য সভাৰ দুখন আসনৰ বাবে ১৯খন মনোনয়ন-পত্র সংগ্রহ

dainik janambhumi June 07, 2025

ডিজিটেল ডেস্ক : ১৯ জুনত অনুষ্ঠিত হ'বলগীয়া ৰাজ্য সভাৰ দুখন আসনৰ বাবে অগপ আৰু বিজেপিত কেইবাগৰাকী নেতা প্রার্থিত্বৰ দৌৰত অৱতীৰ্ণ হৈছে। এতিয়ালৈকে কোনো এটা দলেই কাক প্রার্থিত্ব দিব সেই কথা ঘোষণা কৰা নাই যদিও দুয়োটা দলতে তীব্ৰ লবী ৰাজনীতি আৰম্ভ হৈছে। উল্লেখযোগ্য যে বিজেপিৰ পৰা যি তেৰগৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে, তেওঁলোকৰ নামসমূহ ৰাজ্যিক বিজেপিয়ে কেন্দ্রীয় সমিতিলৈ প্ৰেৰণ কৰি প্ৰাৰ্থিত্বকেন্দ্ৰিক সমগ্ৰ বিষয়টো দিল্লীলৈ ঠেলি দিছে। 

আনহাতে, অগপই প্রার্থী বাছনি কৰাৰ বাবে এখন তিনিজনীয়া কমিটী গঠন কৰিছে। ইয়াৰ মাজতে শুকুৰবাৰে অগপ আৰু বিজেপিৰ ১৪জন প্রত্যাশীয়ে মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে। ইয়াৰে ভিতৰত বিজেপিয়ে পাঁচখন আৰু অগপই সংগ্ৰহ কৰা মনোনয়ন-পত্ৰৰ সংখ্যা হৈছে নখন। অগপৰ বৰ্তমানৰ ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্রাক্তন বিধায়ক প্রশান্ত বৰুৱা আৰু সত্যব্রত কলিতাই মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিছে। একেদৰে বিজেপিৰ হৈ বিশ্বজিত পুৰকায়স্থ আৰু ইন্তাজুল হকে মনোনয়ন-পত্র সংগ্রহ কৰিছে। ইফালে শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য সভাৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। 'বৰাকৰ প্ৰাৰ্থী এগৰাকী ৰাজ্য সভালৈ যোৱাটো মই বিচাৰিছোঁ' বুলি প্রকাশ কৰিছে ড° শৰ্মাই। উল্লেখযোগ্য যে বিজেপিৰ মিছন ৰঞ্জন দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ ৰাজ্য সভাৰ কাৰ্যকাল অহা ১৪ জুনত সমাপ্ত হ'ব। এনে পৰিস্থিতিত যদিহে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই বৰাকৰ কোনো এজন লোকক প্রার্থিত্ব প্রদান কৰা হয়, তেনেহ'লে বৰ্তমানৰ সাংসদ মিছন ৰঞ্জন দাসকে পুনৰ প্ৰাৰ্থিত্ব প্রদান কৰা হ'ব পাৰে। 

কিয়নো উপ-নির্বাচনত ৰাজ্য সভালৈ যোৱা দাসে এটা বছৰো কাৰ্যকাল পোৱা নাই। যদিহে দলে অনাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দাসক অসমলৈ ঘূৰাই আনে, তেনেহ'লে বৰাকৰ আন এগৰাকী শক্তিশালী প্রার্থী ডাঃ ৰাজদ্বীপ ৰায়ে প্রার্থিত্ব লাভ কৰিব পাৰে। পূৰ্বতে ৰায় শিলচৰ সমষ্টিৰ সাংসদ আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত শিলচৰ সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাত তেওঁ প্রার্থিত্বৰ পৰা বঞ্চিত হৈছিল। এনে পৰিস্থিতিত ড° ৰায়ে দলীয় টিকট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে অগপই প্রার্থিত্ব বিচৰাসকলৰ এখন তালিকা প্রস্তুত কৰিছে যদিও পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্য সভাৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। দলীয় সূত্ৰৰ মতে, পূৰ্বতে দল এৰি যোৱাসকলক অগপই এইবাৰ প্ৰাৰ্থিত্ব নিদিয়ে। এনে পৰিস্থিতিত তৃতীয়বাৰৰ বাবে ৰাজ্য সভাৰ সাংসদ হোৱাৰ ভাগ্য উদয় হ'ব পাৰে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ।

Share This