ডিজিটেল ডেস্ক: জিম্বাবুৱেৰ ৰাজধানী হাৰাৰেত বৈভৱ সূৰ্যবংশীৰ বেটে সৃষ্টি কৰা ৰানৰ ধুমুহাৰ বলত ভাৰতে ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপত কালি ইংলেণ্ডক ১০০ ৰানৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অর্জন কৰে। ভাৰতে প্রতিযোগিতাৰ ফাইনেলত প্রথমে বেটিং কৰি ৫০ অ'ভাৰত ৯টা উইকেট হেৰুৱাই অভিলেখ সংখ্যক ৪১১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে ৪০.২ অ'ভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩১১ ৰান।
ভাৰতে কালি প্রতিযোগিতাৰ ইতিহাসত ফাইনেলত সর্বোচ্চ ৰান কৰি অভিলেখৰ সৃষ্টি কৰে আৰু ষষ্ঠবাৰলৈ চেম্পিয়নৰ খিতাপ জয় কৰি আন এক অভিলেখৰ সৃষ্টি কৰে। ভাৰতে ইয়াৰ আগতে ২০০০, ২০০৮, ২০১২, ২০১৮ আৰু ২০২২ চনত আই চি চি ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপ জয় কৰে।
উল্লেখযোগ্য যে ভাৰতে ইয়াকে ধৰি এবছৰৰ ভিতৰত আই চি চিৰ চাৰিখন প্রতিযোগিতাৰ খিতাপ জয় কৰে। ভাৰতৰ এই অভিযান আৰম্ভ হৈছিল যোৱা বছৰ মাৰ্চত চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়েৰে। ইয়াৰ পাছত মহিলা এদিনীয়া বিশ্ব কাপৰ খিতাপ, অন্ধ বিশ্ব কাপ জয় কৰে।
কালি ভাৰতে বেটিং আৰম্ভ কৰি মাত্র ২০ ৰানতে অ'পেনাৰ এৰন জৰ্জৰ উইকেটটো হেৰুৱায়। ইয়াৰ পাছত বৈভৱে অধিনায়ক আয়ুষ মাহাত্ৰেৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ১২২ ৰান যোগ কৰে। আয়ুষে ৫১টা বলত ৫৩ ৰান কৰে। কিন্তু কালি ভাৰতৰ জয়ৰ মূল নায়ক আছিল বৈভৱ। বৈভৱে বিধ্বংসী বেটিঙেৰে ইংলেণ্ডৰ বলাৰসকলক ধোঁৱা-কোঁৱা দেখুৱায়। তেওঁ মাত্র ৮০টা বলত ১৭৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। বিহাৰৰ উদীয়মান বেটাৰজনে কালি টি-২০ শৈলীত বেটিং কৰি কেইবাটাও অভিলেখৰ সৃষ্টি কৰে। তেওঁ ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপৰ ফাইনেলত সৰ্বাধিক ৰান কৰাৰ অভিলেখ গঢ়ে। তেওঁ মাত্র ৫৫টা বলত শতৰান সম্পূৰ্ণ কৰে ৮টা চাৰি আৰু সমসংখ্যক ছয়েৰে। ডেৰশ ৰান সম্পূৰ্ণ কৰে ৭১টা বলত। তেওঁৰ ১৭৫ ৰানৰ ইনিংছটোত আছিল মুঠ ১৫টা চাৰি আৰু ১৫টা ছয়। অর্থাৎ তেওঁ ১৫০ ৰান সংগ্ৰহ কৰে চাৰি আৰু ছয়ৰে।
১৪ বছৰীয়া বৈভৱে জুনিয়ৰ বিশ্ব কাপৰ ফাইনেলত আটাইতকৈ কম বলত চেঞ্চুৰী সম্পূৰ্ণ কৰাৰ অভিলেখ গঢ়ে। ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপত এয়া আছিল দ্বিতীয়টো আটাইতকৈ দ্রুত চেঞ্চুৰী। আনহাতে, ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপত চেঞ্চুৰী কৰা তেওঁ তৃতীয়জন বেটাৰ। ইয়াৰ উপৰি বিশ্ব কাপৰ এখন মেচত সর্বাধিক ছয় মৰাৰো অভিলেখ গঢ়ে বৈভৱে। তেওঁ বিশ্ব কাপতো সর্বাধিক ছয় মৰাৰ অভিলেখ গঢ়ে।
ভাৰতে কালি ফাইনেলত ৮ অ'ভাৰত ৫৩ ৰান সংগ্ৰহ কৰে। নৱম অ'ভাৰটোত বৈভৱে ১৮ ৰান সংগ্ৰহ কৰি ভাৰতৰ স্ক'ৰ ৭১লৈ নিয়ে। ভাৰতীয় দলে ১০০ ৰান সম্পূৰ্ণ কৰে ১৪ অ'ভাৰত। বৈভৱে ইংলিছ স্পীনাৰ ফাৰহান আহমেদে দিয়া সপ্তদশ অ'ভাৰত ২২ ৰান সংগ্ৰহ কৰে। ভাৰতৰ উইকেটকীপাৰ বেটাৰ অভিজ্ঞনা কুণ্ডুৱে ৩১টা বলত ৪০ ৰান কৰে। আনহাতে, ইংলেণ্ডৰ ইনিংছত বেন ডাউকিছে ৫৬টা বলত ৬৬ আৰু কালেব ফেল্কনাৰে ৬৭টা বলত ১১৫ ৰান কৰে। বৈভৱে প্লেয়াৰ অব্ দ্য মেচ আৰু প্রতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। বৈভৱৰ এইখনেই ১৯ বছৰ অনূর্ধ্বৰ অন্তিম বিশ্ব কাপ আছিল।