আগষ্টত ২০০০ কোটি ইউ পি আই লেনদেন

dainik janambhumi September 03, 2025

ডিজিটেল ডেস্ক : নেশ্যনেল পেমেণ্টছ কৰ্প'ৰেশ্যন অব ইণ্ডিয়া (এন পি চি আই)ই সোমবাৰে প্ৰকাশ কৰে যে ইউ পি আই যোগে চলিত বৰ্ষৰ আগষ্ট মাহত ২০ বিলিয়ন (২০০০ কোটি) লেনদেন সম্পন্ন হয়। বিগত জুলাই মাহত এই পৰিমাণ আছিল ১৯.৪৭ বিলিয়ন। সামাজিক মাধ্যম এক্সযোগে দিয়া এটা বার্তাত এন পি চি আয়ে লগতে আলোকপাত কৰে যে আগষ্ট মাহত ইউ পি আই লেনদেন যোৱা বৰ্ষৰ তুলনাত এই বর্ষত ৩৪% বৃদ্ধি পায়।

আগষ্ট মাহত ইউ পি আই লেনদেনৰ মূল্য ২৪.৮৫ লাখ কোটি টকা আছিল বুলিও এন পি চি আয়ে কয়। অৱশ্যে জুলাই মাহত ২৫.০৮ লাখ কোটি টকাতকৈ কম। গড় হিচাপত আগষ্ট মাহত দৈনিক ৬৪৫ মিলিয়ন লেনদেন সম্পন্ন হৈছিল। দৈনিক এনে লেনদেনৰ মূল্য আছিল ৮০,১৭৭ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে দৈনিক ইউ পি আই লেনদেনৰ লক্ষ্য ১ বিলিয়ন (১০০ কোটি) নিৰ্ধাৰণ কৰি দিছে।

Share This