ডিজিটেল ডেস্ক : পাছপ'র্ট নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি ঘোষণা কৰাৰ এদিন পাছতেই কেন্দ্রীয় চৰকাৰে পাছপ'ৰ্টৰ আৱেদন মাচুল বৃদ্ধি কৰিলে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ নির্ধাৰণ কৰা নিৰিখ অনুসৰি নতুন পাছপ'ৰ্টৰ আৱেদন মাচুল পূৰ্বৰ ১,৫০০ টকাৰ পৰা ২,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।
আনহাতে, তৎকাল পাছপ'ৰ্টৰ মাচুল ৬০০০ টকালৈ বৃদ্ধি কৰা হ'ল। অহা ১ জুলাইৰ পৰা এই নতুন নিৰিখ কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে পাছপ'র্ট বিধি, ১৯৮০ সংশোধনীৰে কেন্দ্ৰীয় চৰকাৰে নতুন পাছপ'ৰ্ট মাচুল ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।
বৰ্তমান এখন ৩৬ পৃষ্ঠাৰ সাধাৰণ পাছপ'ৰ্টৰ মাচুল ১,৫০০ টকা। আনহাতে, ৬০ পৃষ্ঠাৰ সাধাৰণ পাছপ'ৰ্টৰ মাচুল বৰ্তমানৰ ২০০০ টকাৰ পৰা ৩৫০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।