ডিজিটেল ডেস্ক : কৰ্ণাটকত যোৱা তিনি বছৰত ২৮০৯জন কৃষকে আত্মহত্যা কৰিছে। ৰাজ্যখনৰ চৰকাৰে বিধানসভাত এই তথ্য প্রদান কৰি কয় যে শেহতীয়া বছৰসমূহত কৃষকৰ আত্মহত্যাৰ সংখ্যা হ্রাস পাইছে।
কৰ্ণাটকৰ বিধানসভাত বিজেপিৰ বিধায়ক অৰবিন্দ বেল্লাডে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰ দি কৃষি মন্ত্রী এন চালুভাৰায়াস্বামীয়ে এই তথ্য দাঙি ধৰে।
বিধানসভাত দিয়া তথ্য অনুসৰি ২০২৩-২৪ বর্ষত ১২৫৪জন, ২০২৪-২৫ বর্ষত ১১৭৮জন আৰু চলিত ২০২৫-২৬ বর্ষত ৩৭৭জন কৃষকে ৰাজ্যখনত আত্মহত্যা কৰিছে। অৱশ্যে, ৰাজ্যখনৰ কৃষি মন্ত্ৰীজনে স্বীকাৰ কৰে যে কৃষকৰ আত্মহত্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰত কৰ্ণাটকৰ দ্বিতীয় স্থান। নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ই (এন চি আৰ বি) প্রকাশ কৰা তথ্যত এই কথা পোহৰলৈ আহিছে।