ডিজিটেল ডেস্কঃ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ ডবকাৰ আকাশী গংগাত আটক হ'ল দুজন। এখন ট্ৰাকেৰে নিষিদ্ধ মাছ লৈ মৈৰাবাৰিৰ পৰা নগালেণ্ড অভিমুখে গৈ আছিল দুয়োজন লোক।
লোক দুজন মৈৰাবাৰীৰ শ্বাৰুক আহমেদ আৰু মফিজ আলী। বাহনখনত আছিল ১২কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ।
উল্লেখ্য থাইলেণ্ড মাগুৰ মাছ পালন কৰা বা বিক্ৰী কৰাত আছে চৰকাৰী নিষেধাজ্ঞা।
ডবকাৰ আকাশীগংগা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম বৰাৰ নেতৃত্বত এই থাইলেণ্ড মাগুৰৰ বাহনখন খেদি খেদি আটক কৰা হয়।
জব্দকৃত ১২ কুইণ্টল নিষিদ্ধ মাছ মিন বিভাগৰ উপস্থিতিত নিমখ আৰু ফেনাইল দি পুতি থোৱা হয়।
উৎস: প্ৰাগ নিউজ ডিজিটেল