ডিজিটেল ডেস্ক: অসমীয়াত এষাৰ কথা আছে- এশ গৰু মাৰিলে বাঘৰো মৰণ। এই আপ্তবাক্যষাৰেই সঁচা হৈ উঠিল ঘোচখোৰ এ চি এছ বিষয়া লাচিত দাসৰ ক্ষেত্ৰত। মুখ্যমন্ত্ৰীৰ তদন্তকাৰী কোষে কালি লাচিত দাসৰ বাসভৱনত অভিযান চলাই লাখ লাখ নগদ টকা, বহু লাখ টকাৰ বীমা জমাৰ নথি আৰু প্ৰায় আধা কেজি সোণ উদ্ধাৰ কৰে।
এ চি এছ বিষয়াৰ চকীখন কেৱল লুটিবলৈকে ব্যৱহাৰ কৰা এই লাচিত দাস এসময়ত মাজুলী লুটি পেলাইছিল। নিজৰ ক্ষমতা ব্যৱহাৰ কৰি নিজৰ তলতীয়া মহিলা বিষয়াকো অশালীন আচৰণ কৰিবলৈ কেয়াৰ নকৰা লাচিত দাসে পৰৱৰ্তী সময়ত অতিৰিক্ত উপায়ুক্ত হিচাপে নগাঁও আৰু জিলা আয়ুক্ত হিচাপে হোজাইত চলাইছিল অবাধ লুণ্ঠন। মুখ্যমন্ত্ৰীৰ লগত থকা ঘনিষ্ঠতাৰ সূত্রে ক্রমান্বয়ে গুৰু-গোসাঁই নমনা হৈ নিজকে লুণ্ঠনৰ সম্রাট বুলি ভাবিবলৈ আৰম্ভ কৰা অসমৰ প্ৰশাসনিক ব্যৱস্থাটোৰ উঁইপোক স্বৰূপে লাচিক দাসে ভূমিলেখা সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক হৈও টকা নাপালে চহীয়েই নকৰিছিল।
টকা আৰু নাৰীৰ বাবেই যিকোনো পর্যায়লৈকে যাবলৈ প্রস্তুত হৈ থকা লাচিত দাসৰ অতপালি ইমানেই বাঢ়ি গৈছিল যিজন মুখ্যমন্ত্রীয়ে তেওঁক বিশ্বাস কৰি ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্বও দি বিজেপি চৰকাৰৰ ভূমি সংস্কাৰ নীতিৰ গুৰিব'ঠা ধৰিবলৈ দিছিল, সেইজন মুখ্যমন্ত্রীকে বিশ্বাসঘাতকতা কৰি লাচিত দাস নামি পৰিছিল মুক্ত লুণ্ঠনত।
কালি কুখ্যাত লাচিত দাসৰ ক'লা অধ্যায় মুকলি কৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এ ডি জিপি সুৰেন্দ্ৰ কুমাৰে কয় যে লাচিত দাসৰ বেলতলাত থকা ঘৰত তদাৰকী কোষে ৮ ঘণ্টা অভিযান চলাই লাচিতৰ শোৱা কোঠাৰ লকাৰৰ পৰা ৪৮ লাখৰো অধিক টকা, ৯টা বেংকত ফিক্সড ডিপ'জিট হিচাপে থোৱা ৮০ লাখ টকাৰ নথি-পত্ৰ, ৪৮৩.৪৫ গ্ৰামৰ সোণৰ অলংকাৰ, বিভিন্ন আত্মীয়-কুটুম্বৰ নামত থকা ইঞ্চুৰেঞ্চৰ কাগজ-পত্ৰ, বহু সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰে। উত্তৰ অসম, উজনি অসম, মধ্য অসমকে ধৰি চাকৰি কৰা প্ৰতিখন ঠাইতে লুণ্ঠন চলোৱা লাচিত দাসে মাজুলীৰ ঘনিষ্ঠ এজন যুৱকৰ নামতো কৰিছিল বিভিন্ন চৰকাৰী ঠিকা। তদাৰকী কোষে এই যুৱকজনকো তদন্তৰ আওতালৈ আনিলে লাচিতৰ অধিক কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিব।
কালি তদৰাকী কোষৰ এ ডি জি পি সুৰেন্দ্ৰ কুমাৰে জানিবলৈ দিয়া মতে, মাটি বিক্ৰীৰ এন অ' চি দিবৰ বাবে লুণ্ঠন মাষ্টৰ লাচিতে এজন ব্যক্তিক ১ লাখ টকা দাবী কৰি তাৰে ৪৫ হাজাৰ লওঁতেই হাতে-লোটে ধৰা পেলায়। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাটোক ফুচুৰি কৰি পেলোৱা কুখ্যাত লাচিত দাসৰ বিৰুদ্ধে তদাৰকী কোষে দুর্নীতি প্ৰতিৰোধ আইনৰ প (এ)ৰ অধীনত ১৯ (২৬) নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
ইফালে কালি নিশা লাচিত দাসৰ আন এটা ঘৰত অভিযান চলাই আৰক্ষীয়ে প্ৰায় ডেৰ কোটি টকা নগদ ধন আৰু কেইবালাখ টকাৰ সোণৰ অলংকাৰ জব্দ কৰে। ফ্লেটটোত লাচিত দাসৰ সম্পর্কীয় প্রাঞ্জল প্রতিম বৰা নামৰ ব্যক্তিজন ভাৰাতীয়া হিচাপে আছিল।