দুই লাখ নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ

dainik janambhumi June 08, 2026

ডিজিটেল ডেস্ক : পুনৰ ২ লাখ নিৱনুৱাক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে বিভাগসমূহৰ পৰা খালী পদৰ তথ্য দাখিলৰ সময়সীমা বান্ধি দিছে। উল্লেখযোগ্য যে ১২ মে'ত দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুই লাখ নতুন নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰি, মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত টাস্ক ফর্চ গঠন হৈছিল। 

নতুন নিযুক্তিৰ বাবে গঠন হোৱা টাস্ক ফৰ্চৰ যোৱা ২৭ মে'ত অনুষ্ঠিত বৈঠকৰ কাৰ্যবিৱৰণীৰ পাছত কৰ্মচাৰী (খ) বিভাগে সকলো বিভাগৰ জ্যেষ্ঠ সচিবলৈ লিখা পত্ৰত বিভাগটোত থকা খালী পদৰ সবিশেষ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা ১৭ জুনৰ ভিতৰত প্ৰতিটো খালী পদৰ বিপৰীতে ন'ডেল বিভাগৰ নাম উল্লেখ কৰিবলৈ নির্দেশ দিয়া হৈছে। খালী পদৰ তথ্য লাভ কৰাৰ পাছতে ৰাজ্যত পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 

উল্লেখযোগ্য যে ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ যোৱা ৫ বছৰীয়া কাৰ্যকালত ৰাজ্যত ১.৬৪ লাখ নিযুক্তি সম্পন্ন হৈছিল। কার্যকালটোত এক লাখ নিযুক্তিহে লক্ষ্য লোৱা হৈছিল সেই লক্ষ্য অতিক্রম হৈছিল। প্ৰতিশ্রুতি অনুসৰি মুখ্য সচিবৰ অধ্যক্ষতাত গঠন হোৱা টাস্ক ফৰ্চে চৰকাৰ গঠনৰ প্ৰথম মাহটোৰ পৰাই দুইলাখ অতিৰিক্ত কৰ্মচাৰীক চৰকাৰী সেৱাত যোগদানৰ বাবে চলোৱা প্ৰচেষ্টা আৰম্ভ হৈছে।

Share This