বাংলাদেশত ছমাহত ২৫৭টা সাম্প্রদায়িক হিংসাৰ ঘটনা, হিন্দু বৌদ্ধ খ্রীষ্টান ঐক্য পৰিষদৰ দাবী

dainik janambhumi July 28, 2026

ডিজিটেল ডেস্ক : বাংলাদেশ হিন্দু বৌদ্ধ খ্রীষ্টান ঐক্য পৰিষদে সোমবাৰে ২০২৬ চনৰ প্ৰথম ছমাহৰ সাম্প্রদায়িক হিংসাৰ পৰিসংখ্যা প্রকাশ কৰে। পৰিষদে উক্ত পৰিসংখ্যা প্রকাশ কৰি কয় যে ২০২৫ চনৰ ১২ মাহত দেখা হিংসাৰ ধৰণৰ সৈতে এইবছৰৰ প্রথম ছমাহৰ হিংসাত্মক ঘটনাৰ ধৰণো কম-বেছি পৰিমাণে একেই আছে। ঢাকাৰ নেশ্যনেল প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত পৰিষদে প্রকাশ কৰা আংশিক পৰিসংখ্যাত ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ৩০ জুনলৈ বাংলাদেশত ২৫৭টা সাম্প্রদায়িক ঘটনাৰ কথা দেখুওৱা হৈছে। পৰিষদে প্ৰকাশ কৰা পৰিসংখ্যা মতে ছমাহত ৪০টা ঘটনাত ৪৪জন লোকক হত্যা কৰা হৈছে।
 

প্রতিবেদনখনত আৰু কোৱা হৈছে যে নাৰীক অত্যাচাৰ, বলাৎকাৰ আৰু দলবদ্ধ বলাৎকাৰৰ ঘটনা হৈছে ৫টা। আনহাতে অপহৰণ, ধন দাবী আৰু অত্যাচাৰৰ ঘটনা হৈছে ১০টা। আনহাতে, আক্ৰমণ, হত্যাৰ ভাবুকি আৰু অত্যাচাৰৰ ঘটনা হৈছে ৪২টা। উপাসনাস্থলীত আক্রমণ, মূৰ্তিৰ পৱিত্ৰতা নষ্ট কৰাৰ ঘটনা হৈছে ৬২টা।

উপাসনাস্থলীত দখল কৰা বা দখলৰ চেষ্টা কৰাৰ ঘটনা হৈছে ১৫টা। ঘৰ আৰু ব্যাৱসায়িক প্রতিষ্ঠানত আক্রমণ, লণ্ডভণ্ড কৰা, লুণ্ঠন কৰা আৰু অগ্নিসংযোগৰ ঘটনা হৈছে ৪৭টা। ধৰ্মনিন্দাৰ মিছা অভিযোগত গ্রেপ্তাৰ কৰা বা অত্যাচাৰ কৰাৰ ঘটনা হৈছে ৯টা। বলেৰে মাটি, ঘৰ আৰু ব্যৱসায় দখলৰ ঘটনা হৈছে ২১টা।

Share This