জীৱন্তে অগ্নিদগ্ধ ২০জন যাত্রী, অন্ধ্ৰ প্ৰদেশৰ কুর্মুলত বাছত অগ্নিকাণ্ড

dainik janambhumi October 25, 2025

ডিজিটেল ডেস্ক : অন্ধ্র প্রদেশৰ কুর্নুলৰ চিন্নাটেকুৰৰ কাষত কালি এখন বাছত জুই লগাৰ ফলত ২০জন যাত্রী জীৱন্তে অগ্নিদগ্ধ হয়। একাংশ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে নিহতৰ সংখ্য ২৫জন। জিলা উপায়ুক্তই প্রকাশ কৰা মতে, এই ঘটনাটো ঘটে বৃহস্পতিবাৰে শেষ নিশা ৩-৩০ বজাত। ইতিমধ্যে ১১টা মৃতদেহ চিনাক্ত কৰা হৈছে। বাছখন হায়দৰাবাদৰ পৰা বেংগালুৰুলৈ গৈ থকা অৱস্থাতে চিন্নাটেকুৰৰ ওচৰত ৰাষ্ট্ৰীয় ঘাই পথত এখন বাইকত খুন্দা মাৰে। 

এই সংঘৰ্ষৰ ফলত বাইকখন বাছখনৰ তললৈ সোমাই যায় আৰু টেংকীৰ পৰা পেট্রল ওলায় আৰু তাত জুই লাগে। জুয়ে বাছখনকো আৱৰি ধৰে। এই দুর্ঘটনাটোত বাইকখনৰ আৰোহী শিৱশংকৰ ঘঠনাস্থলীতে নিহত হয়। বাছখনত মুঠ ৪১জন যাত্রী আছিল। ইয়াৰে ১৯জনে বাছখনৰ পৰা জঁপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে। আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে দুটি শিশুকে ধৰি ২১জন যাত্ৰীৰ কথমপি প্রাণ ৰক্ষা পৰে। অধিকাংশ যাত্রী ২৫-৩৫ বছৰ বয়সৰ। দুর্ঘটনাটো সংঘটিত হোৱাৰ সময়ত যাত্ৰীসকল টোপনিত আছিল। 

জুই লগাৰ ফলত বাছখনত শ্বর্ট চার্কিট হয় আৰু ইয়াৰ ফলত দুৱাৰ লাগি ধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ দুখ প্রকাশ কৰে। তেওঁ প্রধানমন্ত্রী সাহায্য পুঁজিৰ পৰা নিহতৰ আত্মীয়লৈ দুই লাখ টকাকৈ আৰু আহতক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে। তেলেংগানা চৰকাৰেও নিহতৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰু আহতক ২ লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।

Share This