অদক্ষ ব্যৱস্থাপনা, ৰাজনৈতিক হস্তক্ষেপ, আধুনিকীকৰণক অৱজ্ঞা, লোকচানত চলিছে ২০ ৰাজহুৱা প্ৰতিষ্ঠান

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক : অসম দেশৰ বিষম কথা। ৰাজ্য চৰকাৰখনে ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ নামত ১০৯০৩.৯৫ কোটি টকা বিনিয়োগ কৰাৰ পাছতো ২০২৪-২৫ বিত্তীয় বর্ষত লাভ হৈছে মাত্র ০.১১ শতাংশ ধন। বছৰি কোটি কোটি টকা ব্যয় কৰাৰ পাছতো ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত কোম্পানী আৰু নিগমসমূহে লোকচান ভৰি থাকিবলগীয়া হৈছে। 

শেহতীয়াকৈ বিধানসভাত কেগে (নিয়ন্ত্রক আৰু মহা হিচাপ পৰীক্ষক) দাখিল কৰা প্ৰতিবেদনত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ এই পুতৌজনক ছবিখন স্পষ্ট হৈ পৰিছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, অসমত থকা ৩১টা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত ২৭টা প্রতিষ্ঠান হৈছে কোম্পানী আৰু চাৰিটা হৈছে বিধিবদ্ধ নিগম। কিন্তু উক্ত প্রতিষ্ঠানসমূহৰ ভিতৰত ২০২৪-২৫ বিত্তীয় বর্ষত একমাত্ৰ অসম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডেহে লাভৰ মুখ দেখিছে। প্রতিষ্ঠানটোৰ লাভৰ পৰিমাণ হৈছে ১৫ কোটি টকা। ইফালে প্রতিষ্ঠানসমূহৰ বাবে লোৱা ঋণৰ সুদৰ নামতো প্ৰতি বছৰে বৃহৎ অংকৰ ধন ভৰিবলগীয়া হৈছে। কিয়নো এই ঋণৰ সুদৰ হাৰ হৈছে গড়ে ৬.৭৬ শতাংশ। অৰ্থাৎ চৰকাৰে ঋণৰ সুদৰ বাবদ যিমান ব্যয় কৰিছে, সেই তুলনাত নিজা উদ্যোগসমূহৰ পৰা লাভ আহিছে অত্যন্ত নগণ্য। ইফালে প্রতিবেদনখনত উল্লেখ কৰা মতে, ২৭টা চৰকাৰী কোম্পানীৰ ভিতৰত ১৭টাই লোকচানত ভৰি আছে। এই কোম্পানীসমূহৰ লোকচানৰ পৰিমাণ হৈছে ৫৯২.৩০ কোটি টকা। আনহাতে, চাৰিটা বিধিবদ্ধ নিগমৰ ভিতৰত তিনিটাই লোকচানত চলিছে। নিগমকেইটাৰ এই লোকচানৰ পৰিমাণ হৈছে ১১২.৯০ কোটি টকা। 

প্রতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণে ঋণ লৈ বিনিয়োগ বৃদ্ধি কৰিলেও সেই বিনিয়োগৰ বিপৰীতে লাভ অত্যন্ত কম। ফলত ৰাজ্যৰ বিত্তীয় চাপ ক্রমাৎ বৃদ্ধি পাইছে। প্রশ্ন হৈছে অসম চৰকাৰে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ পিছতো ৰাজ্যৰ বহু ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান লোকচানত চলি থকাৰ কাৰণ কি? এই বিষয়ক লৈ বিতর্ক চলি আছে যদিও লোকচান হ্রাস পোৱা নাই। অর্থনৈতিক বিশ্লেষকসকলৰ মতে, অদক্ষ ব্যৱস্থাপনা, ৰাজনৈতিক হস্তক্ষেপ, আধুনিকীকৰণৰ অভাৱ আৰু অধিক ব্যয় হৈছে লোকচানৰ মুখ্য কাৰণ। 

বহু প্রতিষ্ঠান এতিয়াও পুৰণি প্রযুক্তি আৰু যন্ত্রপাতিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। ফলত উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ লগতে ব্যক্তিগত খণ্ডৰ সৈতে প্রতিযোগিতাত পিছ পৰিছে। ইয়াৰ উপৰি বহু প্রতিষ্ঠানত প্রয়োজনতকৈ অধিক কৰ্মচাৰী থকাৰ ফলত বেতন আৰু পেঞ্চনৰ ক্ষেত্রত বিপুল ব্যয় বহন কৰিবলগীয়া হৈছে। কিন্তু সেই অনুপাতে উৎপাদন বা আয় বৃদ্ধি হোৱা নাই। বিশেষজ্ঞসকলৰ মতে, উৎপাদনশীলতা বৃদ্ধিৰ সলনি বহু ক্ষেত্ৰত চৰকাৰী ৰাজ সাহায্যৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। 

আনহাতে, বজাৰৰ চাহিদা আৰু আধুনিক ব্যৱসায়িক কৌশলৰ লগত খাপ খুৱাব নোৱৰাটোৱেও বহু প্ৰতিষ্ঠানৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। ব্যক্তিগত খণ্ডই উন্নত বিপণন আৰু কম ব্যয়ৰ জৰিয়তে বজাৰত শক্তিশালী স্থান দখল কৰাৰ বিপৰীতে বহু ৰাজহুৱা প্রতিষ্ঠানে সময়োপযোগী পৰিৱৰ্তন আনিবলৈ ব্যর্থ হৈছে। বিশেষকৈ চাহ, পৰিবহণ, কৃষি আৰু শক্তি খণ্ডৰ কিছুমান প্রতিষ্ঠান বহু বছৰৰ পৰা ধাৰাবাহিক লোকচানত চলি আছে। মন কৰিবলগীয়া কথা যে ৰাজ্যৰ বহু চৰকাৰী প্ৰতিষ্ঠানত চলি থকা অনিয়মৰ বাবেও প্রতিষ্ঠানসমূহ লোকচানৰ সন্মুখীন হৈ আহিছে। এনে পৰিস্থিতিত লোকচান হোৱা প্রতিষ্ঠানসমূহ উদ্ধাৰৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিব সেয়া হ'ব লক্ষণীয়।

Share This