চন্দ্ৰৰ বুকুত মজুত ২০০ টন আৱৰ্জনাঃ দি গার্জিয়ানৰ প্ৰতিবেদনত প্ৰকাশ পালে ভয়ংকৰ তথ্য 

Jyoti Borah August 25, 2023

ডিজিটেল ডেস্কঃ চন্দ্ৰৰ দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰি মানৱ সভ্যতাত ইতিহাস ৰচনা কৰাৰ বাবে ভাৰতবৰ্ষই দেখা স্বপ্নৰ বাস্তৱিক ৰূপ ‘চন্দ্ৰযান-৩'। সমগ্ৰ মানৱ জাতিক শিহৰিত কৰি চন্দ্ৰৰ দক্ষিণ গোলার্ধত বিক্ৰমৰ সফল অৱতৰণে ভাৰতবৰ্ষক চন্দ্ৰৰ South Poleত অৱতৰণ কৰিবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথমখন দেশ আৰু চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে প্ৰতিষ্ঠা কৰিলে ।

জোনবাইৰ বুকুত মহাকাশচাৰীৰ পদাৰ্পণ আৰু বিজ্ঞানীৰ গৱেষণাই বিশ্বজুৰি উচাহৰ ধল নমাইছে যদিও ইয়াৰ পৰিণতিত 'দি গার্জিয়ান'ৰ দ্বাৰা প্ৰকাশিত এটা প্রতিবেদন অনুসৰি  পৃথিৱীৰ পৰা কঢ়িয়াই নিয়া বহু আৱৰ্জনা জমা হৈছে চন্দ্ৰপৃষ্ঠত। সকলোতে জাবৰ বিয়পোৱাটো যেন মানৱজাতিৰ স্বভাৱিক বৈশিষ্ট্য হৈ পৰিছে। পৃথিৱীত এতিয়া জাবৰৰ ডাঙৰ ডাঙৰ পাহাৰ গঢ় লৈ উঠিছে। প্ৰতিখন চহৰত সহজে দেখা পোৱা যায় জাবৰ। আনকি সাগৰতো জাবৰ । কিন্তু আপুনি জানি আচৰিত হ'ব যে মহাকাশতো বিয়পি পৰিছে এতিয়া জাবৰ-জোঁথৰ ।জোনবাইৰ দেশলৈ বিভিন্ন দেশে চলোৱা অভিযানৰ ফলত চন্দ্ৰপৃষ্ঠত জমা হৈছে প্ৰায় ২০০ টন আৱৰ্জনা।

উল্লেখযোগ্য যে এতিয়ালৈকে চন্দ্ৰৰ বুকুত পদার্পণ কৰিছে ১২ জন বিজ্ঞানীয়ে।  আমেৰিকাৰ নীল আৰ্মষ্ট্ৰং ১৯৬৯ চনত এপ’ল’-১১ অভিযানৰ অধীনত চন্দ্ৰপৃষ্ঠত উপস্থিত হয়। নীল আৰ্মষ্ট্ৰংয়েই  আছিল প্ৰথম গৰাকী মানৱ যিয়ে চন্দ্ৰত প্ৰথম খোজ পেলাইছিল।  বাজ এলড্ৰিন, নীল আৰ্মষ্ট্ৰং, পিট কনৰাড, এলান বিন, এলান শ্বেপাৰ্ড, এডগাৰ মিচেল, ডেভিদ স্কাউড, জেমছ ইৰউইন, জন ইয়ং, চাৰ্লছ ড্যুক, ইউজিন চেৰনান আৰু হেৰিছন স্মিথেও চন্দ্ৰত অৱতৰণ কৰিছে। আনহাতে চন্দ্ৰলৈ যোৱাৰ বাবে চলোৱা অভিযানত মৃত্যু হৈছে ১৪ গৰাকী বিজ্ঞানী। আমেৰিকাৰ এপল' অভিযানৰ সময়ত ৫টা চেটাৰ্ন-৫ ৰকেটৰ অৱশিষ্টও জোনবাইৰ বুকুত সিঁচৰতি হৈ আছে। এই অৱশিষ্টসমূহ জোনবাইৰ বুকুত অৱতৰণৰ অন্তিম পর্যায়ত বিধ্বস্ত হোৱাৰ পৰিণতিত সিঁচৰতি হৈ পৰিছিল। তাৰ বাদেও ৰবটিক লেণ্ডাৰ আৰু ৰভাৰ্ছৰ আৱৰ্জনাও জমা হৈ আছে চন্দ্ৰৰ বুকুত। বিভিন্ন মহাকাশ যানৰ বেটাৰিসমূহো এই চন্দ্ৰৰ বুকুতে সিঁচৰতি হৈ আছে। আমেৰিকাৰ এপ’ল’ অভিযানৰ পাঁচটা ৰকেটৰ অৱশিষ্ট চন্দ্ৰত উপস্থিত আছে। এইটোৱেই আটাইতকৈ গধুৰ অৱশিষ্ট। ৰবটিক লেণ্ডাৰ, ৰভাৰ, লুনা-৯ৰ ধ্বংসাৱশেষ,  মানুহৰ মল, প্ৰস্ৰাৱ আৰু বমিৰ ৯৬ টা পেকেট , দুটা গল্ফ বল, বৰশী, কেমেৰা, ড্ৰিল, টাৱেল, ব্ৰাছ, মাটি খন্দা সঁজুলি আদি। মুঠতে চন্দ্ৰপৃষ্ঠ এতিয়া ২০০ টন জাবৰ বিয়পি পৰিছে।

চন্দ্ৰযান-৩ এখন মানৱবিহীন বিমান। চন্দ্ৰত বতাহ নাই। মাধ্যাকৰ্ষণ শক্তিও অতি দুৰ্বল। চন্দ্ৰযান-২ৰ বিফলতাৰ পৰা শিক্ষা লৈ ইছৰোৰ বিজ্ঞানীসকলে বুধবাৰে সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডাৰ বিক্ৰমক অৱতৰণ কৰে। ৰভাৰ প্ৰজ্ঞানে নিজৰ বৈজ্ঞানিক অভিযানত কাম কৰি আছে। তেওঁ মুন ৱাক আৰম্ভ কৰিছে। চন্দ্ৰপৃষ্ঠত ১৪ দিন কাম কৰিব এই ৰভাৰখনে। কিন্তু তাৰ মাজতে চন্দ্ৰৰ বুকুত মজুত থকা ২০০টন আৱৰ্জনাৰ খবৰে চৰ্চা লাভ কৰিছে । সেই খবৰে বাৰুকৈয়ে চন্দ্ৰৰ পৰিবেশৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
 

Share This