ডিজিটেল ডেস্ক : বিশ্বকাপ জয়ৰ লক্ষ্য আৰু এবাৰ অপূৰ্ণ হৈ ৰ'ল ক্রিষ্টিয়ানো ৰ'নাল্ডোৰ। স্পেইনৰ হাতত পৰাজয়েৰে এই বাৰৰ বিশ্ব ফুটবলৰ মহাৰণখনত অন্তিম-১৬ৰ পৰা বিদায় ল'লে পর্তুগালে। ইয়াৰ বাবে আক্ষেপ নাই পর্তুগীজ ছুপাৰষ্টাৰগৰাকীৰ। বৰঞ্চ ২০১৬ চনৰ ইউৰো ট্ৰফীয়েই তেওঁৰ বাবে বিশ্বকাপৰ সমপৰ্যায়ৰ।
ডালাছ ষ্টেডিয়ামত স্পেইনৰ বিপক্ষে অন্তিম ১৬ৰ মেচখনত ১-০ গ'লত পৰাজিত হয় পর্তুগাল। দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাই মত মাইকেল মেৰিনোৰ গ'লেৰে নিশ্চিত হয় স্পেইনৰ জয়। ইয়াৰ বিপৰীতে পর্তুগাল আৰু ৰ'নাল্ডোৰ বাবে বিপদঘণ্টা বাজি উঠে। অৱশ্যে, এই মেচৰ আগেয়ে ৰ'নাল্ডোৱে কৈছিল যে এয়াই হ'ব তেওঁৰ অন্তিম বিশ্বকাপ। নিজৰ সাফল্যমণ্ডিত তথা বৰ্ণময় কেৰিয়াৰত ফিফা বিশ্বকাপ জয় কৰিব নোৱাৰাৰ দুখ তেওঁৰ মনত ৰৈ যাব। অৱশ্যে, ৰ'নাল্ডোৱে নিজেও আক্ষেপ কৰিবলৈ ৰাজী নহয়।
'পর্তুগালৰ হৈ মোৰ সবাতোকৈ ডাঙৰ কৃতিত্ব আছিল ইউৰো ২০১৬ চেম্পিয়নশ্বিপ জয় কৰা আৰু সেই ট্ৰফী মোৰ বাবে বিশ্বকাপৰ দৰেই গুৰুত্বপূর্ণ' বুলি অভিহিত কৰে ৰ'নাল্ডোৱে। নিজৰ প্ৰায় ২৩ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৰ'নাল্ডোৱে ২০১৬ চনৰ ইউৰো, ২০১৯ চনৰ ইউ এফ এ নেশ্যনছ লীগ আৰু ২০২৫ চনৰ ইউ এফ এ লীগৰ খিতাপ দখল কৰিছে।