ডিজিটেল ডেস্কঃ অংগৰাগ পাপন মহন্তৰ সংগীতানুষ্ঠান, মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাৰেৰহণীয়া নৃত্যানুষ্ঠান, দীপলিনা ডেকাৰ গীতৰ শৰাই, আইমী বৰুৱাৰ শ্ব'ষ্টপাৰ হিচাপে ৰেম্প-ৱাক, সংযুক্তা দত্ত, মিত্রাণী কাকতী, অনুৰাধা কুলিৰ দৰে তিনিগৰাকী ফেশ্বন ডিজাইনাৰৰ ফেশ্বন শ্ব'ৰে সফল সমাপ্তি ঘটে।
আমেৰিকাৰ চিকাগোত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হয় 'অসম অভিৱৰ্তন-২০২৫'। উত্তৰ আমেৰিকাৰ প্ৰৱাসী অসমীয়াসকলে আয়োজন কৰা ৪৬সংখ্যক বার্ষিক অধিৱেশন যোৱা ৪ জুলাইৰ দিনা উদ্বোধন কৰে কনজ্যুল জেনেৰেল সোমনাথ ঘোষে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে পুৱাৰ ভাগত কণমানিসকলৰ বাবে এখন চিত্রাংকণ প্রতিযোগিতাৰ আয়োজন কৰা হয়। লগতে 'পোহৰ' শীর্ষক সাংস্কৃতিক অনুষ্ঠানত কণমানিহঁতে বিভিন্ন গীত, নৃত্য পৰিৱেশন কৰে আৰু অসমৰ নানান জাতি-জনজাতিৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এক ফেশ্বন শ্ব'তো অংশ লয়। অসমৰ পৰা আমন্ত্ৰিত ফেশ্বন ডিজাইনাৰ মিত্ৰাণী কাকতী আৰু অনুৰাধা কুলিৰো এখন বিশেষ ফেশ্বন শ্ব' অনুষ্ঠিত হয়। বৰষা ৰাণী বিষয়া আৰু দীপলিনা ডেকাই শ্ব' ষ্টপাৰ হিচাপে ইয়াত অংশগ্রহণ কৰে। নিশাৰ ভাগত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ তিৱা, বড়ো, মিছিং, বিহু নাচৰ সংমিশ্রণেৰে এক বাৰেৰহণীয়া নৃত্যানুষ্ঠানৰো আয়োজন কৰা হয়। লগতে সংগীতানুষ্ঠান পৰিৱেশন কৰে অসমৰ পৰা আমন্ত্রিত অতিথি শিল্পী দীপলিনা ডেকাই। প্ৰথমবাৰৰ বাবে আমেৰিকাত গীত পৰিৱেশন কৰি আপ্লুত হৈ পৰে দীপলিনা ডেকা। আমেৰিকাৰ চিকাগোত অনুষ্ঠিত ৪৬সংখ্যক অসম অভিৱৰ্তনৰ যোৱা ৫ জুলাইত অন্তিম অনুষ্ঠান অনুষ্ঠিত হয়। ৩-৫ জুলাইলৈ আয়োজিত এই অভিৱৰ্তনৰ শেষৰ দিনটোত পুৱাৰ ভাগত শিশুসকলৰ কুইজ প্রতিযোগিতাৰ লগতে Assam Association of North America চমুকৈ অনাৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। বৰষা ৰাণী বিষয়াৰ এখন বিহু কর্মশালাও আয়োজিত হয়। বিদেশত বৰষাৰ বিহু শিকিবলৈ উত্তৰ আমেৰিকাৰ বিভিন্ন প্ৰান্তৰৰ যুৱতী-মহিলাৰ লগতে যুৱকসকলেও অংশ লয়। লগতে ইনভেল্ট ইন আছাম নামৰ এখন বিশেষ আলোচনা-চক্রও আয়োজিত হয়। অসমত বিনিয়োগ কৰি কিদৰে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগতে পৰ্যটন উদ্যোগটো আগুৱাই নিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। এই আলোচনাত আমেৰিকাৰ অন্যতম উদ্যোগপতি ছিদ চৌধুৰী, অসমৰ উদ্যোগপতি ড° সঞ্জীৱ নাৰায়ণ, ডাঃ নৱ গোস্বামী উপস্থিত থাকে। সত্রীয়া নৃত্য, আধুনিক নৃত্যৰ লগতে বিভিন্ন গীত পৰিৱেশন কৰা হয়। ইয়াৰ উপৰি শিশুসকলৰ কোৰাছ প্রতিযোগিতা, জ্যেষ্ঠসকলৰ হুঁচৰি, কোৰাছ প্রতিযোগিতা অনুষ্ঠিত হয়। শিশুসকলৰ কোৰাছ প্রতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰে ক্ৰমে ছিকাগো আৰু মিছিগানৰ কণমানিৰ দলে। হুঁচৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি লোহিত দত্ত বৰুৱা সোঁৱৰণী চলন্ত বঁটা লাভ কৰে ছিকাগো বৰলুইত হুঁচৰি দলে। দ্বিতীয় স্থান দখল কৰে ফ্ল'ৰিডা দলে। কোৰাছ প্রতিযোগিতাৰ স্থানপ্রাপ্ত দলসমূহ হ'ল ক্রমে মিনিয়াপলিছ, ছিকাগো আৰু মিছিগান। ইয়াৰ উপৰি, অভিৱৰ্তনত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱনভিত্তিক এখন তথ্যচিত্রও প্রদর্শন কৰা হয়। ই চি, জে ই চিৰ প্ৰাক্তন শিক্ষার্থীসকলৰ লগতে চিকিৎসকসকলৰো এখন সন্মিলন অনুষ্ঠিত হয়। বিখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ফেশ্বন শ্ব' অনুষ্ঠিত হয়। অসমৰ অভিনেত্রী আইমী বৰুৱাই শ্ব' ষ্টপাৰ হিচাপে অংশগ্রহণ কৰে। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকর্ষণ হিচাপে আমন্ত্রণ জনোৱা পাপনে সহশিল্পীসকলৰ সৈতে এইবছৰৰ অসম অভিৱৰ্তনত প্ৰথমবাৰৰ বাবে লাইভ গীত পৰিৱেশন কৰে। বহু বছৰৰ বিৰতিৰ মূৰত এইবাৰ আমেৰিকাত পাপনৰ লগত তেওঁৰ পুৰণি সহঃশিল্পী ৰেহানা খেছগীয়ে গীত পৰিৱেশন কৰাৰ লগতে গীটাৰিষ্ট জিন্টি দত্তই সহযোগিতা কৰে। অনুষ্ঠানৰ আঁত ধৰে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।