১০ লাখ কোটি টকাৰ অৰ্থনীতি গঢ়াৰ লক্ষ্য, জনমুখী হ'ব ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেট

dainik janambhumi June 26, 2026

ডিজিটেল ডেস্ক : ২০২৮ বৰ্ষৰ ভিতৰত অসমক দহ লাখ কোটি টকাৰ অর্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্য আগত ৰাখি এইবাৰ প্ৰস্তুত কৰা হ'ব বাজেট। ২০২৬-২৭ বৰ্ষৰ বাজেট প্রস্তুতিৰ অংশ হিচাপে কালি লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ১৩টা বিভাগৰ বাজেট প্রস্তাৱৰ পর্যালোচনা কৰে। 

বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জনমুখী আৰু উন্নয়নমুখী বাজেটৰ জৰিয়তে অসমৰ সামগ্রিক বিকাশক অধিক গতি প্ৰদান কৰাত গুৰুত্ব দিয়ে। বিত্ত বিভাগৰ এটা সূত্রই প্রকাশ কৰা মতে, এইবাৰ জনসাধাৰণৰ ওপৰত নতুন কৰ নলগোৱাকৈ এখন জনমুখী বাজেট প্রস্তুত কৰা হ'ব। বিধানসভাৰ নিৰ্বাচনৰ পূর্বে অন্তৰ্ৱর্তীকালীন বাজেট উপস্থাপনৰ পাছত এইবাৰ নতুন চৰকাৰৰ এইখন হ'ব প্রথম পূর্ণাংগ বাজেট। সেয়েহে এইবাৰৰ বাজেটখন কেৱল আয়-ব্যয়ৰ নথি নহয়, বৰং আগন্তুক বছৰসমূহত অসমৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ ৰোডমেপ হিচাপে বিবেচিত হ'ব। ইতিমধ্যে বিত্ত বিভাগে সকলো চৰকাৰী বিভাগক নিজ নিজ প্রকল্প, ব্যয়ৰ অগ্ৰাধিকাৰ আৰু নতুন আঁচনিৰ প্ৰস্তাৱ দাখিল কৰিবলৈ নির্দেশ দিছে। একে সময়তে ৰাজ্যৰ ৰাজকোষীয় শৃংখলা বজাই ৰাখি উন্নয়নমূলক ব্যয় বৃদ্ধি কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 

আনহাতে, ২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে আন্তঃগাঁথনি উন্নয়ন, কৃষি, উদ্যোগ, বিনিয়োগ, তথ্য-প্রযুক্তি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অধিক বিনিয়োগৰ সম্ভাৱনা আছে। সূত্ৰটোৰ মতে কৃষি খণ্ডত এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব প্রদান কৰা হ'ব। কৃষি উৎপাদন বৃদ্ধি, কৃষকৰ আয় বৃদ্ধি, কৃষিভিত্তিক উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্রত নতুন পদক্ষেপ ঘোষণা কৰাৰ সম্ভাৱনা আছে। আনহাতে, উদ্যোগ আৰু বিনিয়োগৰ ক্ষেত্ৰতো গুৰুত্ব দি নতুন আঁচনি ঘোষণা কৰিব পাৰে। শেহতীয়াকৈ ভূমি আইন সংশোধন আৰু বিনিয়োগকাৰীসকলৰ বাবে বিভিন্ন নীতি সহজ কৰাৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰখনে। ফলস্বৰূপে অনাগত বাজেটত নতুন উদ্যোগ স্থাপন বা লজিষ্টিক হাব, উৎপাদন খণ্ড আৰু তথ্য-প্রযুক্তি উদ্যোগৰ বাবে বিশেষ ঘোষণা হ'ব পাৰে। একেদৰে সামাজিক কল্যাণমূলক আঁচনিসমূহৰ ক্ষেত্ৰতো ধনৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ অৰুণোদয়, মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম, নিযুত মইনা, নিযুত বাবু আদি আঁচনিৰ বাবে অধিক ধন আবণ্টন কৰা হ'ব। 

ডিজিটেল খণ্ডত অসমক আগুৱাই নিয়াৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে ৰাজ্যখনৰ নিজা OTT প্লেটফৰ্ম স্থাপনৰ পদক্ষেপ গ্রহণ কৰিছে। সেয়েহে ডিজিটেল শাসন ব্যৱস্থা, ই-গভর্নেন্স, ষ্টার্টআপ আৰু সৃষ্টিশীল উদ্যোগৰ বিকাশৰ বাবেও বাজেটত নতুন দিশ নির্ধাৰণ হ'ব পাৰে। পৰ্যটন ক্ষেত্ৰতো ৰাজ্য চৰকাৰখনে নতুন ঘোষণা কৰাৰ সম্ভাৱনা আছে। 

অর্থনৈতিক বিশেষজ্ঞসকলৰ মতে অনাগত অসম বাজেট কেৱল চৰকাৰী ব্যয়ৰ হিচাপ-নিকাচ নহয়; বৰং কৃষি, উদ্যোগ, সামাজিক কল্যাণ, আন্তঃগাঁথনি আৰু ডিজিটেল অৰ্থনীতিৰ মাজেৰে 'বিকশিত অসম' গঢ়াৰ এক বিস্তৃত পৰিকল্পনাৰে প্ৰস্তুত কৰিব। যাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যিক বিজেপিয়েও বাজেটক লৈ বিভিন্ন দল-সংগঠন-ব্যক্তিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে, যাতে এখন জনমুখী বাজেট ৰাইজক উপহাৰ দিব পাৰে।

Share This