ডিজিটেল ডেস্ক : মেডিকেল (চিকিৎসা বিজ্ঞান পাঠ্যক্রম) প্ৰৱেশ পৰীক্ষা নীট-ইউ জি অহা বছৰৰ পৰা কম্পিউটাৰ-ভিত্তিক পৰীক্ষা হ'ব আৰু ১,০০০তকৈ অধিক কেন্দ্রত কমেও ছদিন ধৰি অনুষ্ঠিত হ'ব। সূত্ৰসমূহৰ পৰা এই কথা জানিব পৰা গৈছে। উল্লেখযোগ্য যে নেশ্যনেল এলিজিবিলিটি এন্ট্রেন্স টেষ্ট (নীট)-ইউ জি হৈছে স্নাতক স্তৰৰ দেশৰ সৰ্ববৃহৎ প্ৰৱেশ পৰীক্ষা, য'ত প্রায় ২৫ লাখ শিক্ষার্থী অৱতীৰ্ণ হয়।
পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অনিয়মৰ বিতৰ্কৰ পাছত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে যে কলম আৰু কাগজ-ভিত্তিকৰ সলনি এই পৰীক্ষা কম্পিউটাৰ-ভিত্তিক (চি বি টি) হ'ব। এটা সূত্রই পৰীক্ষাৰ সন্দৰ্ভত জনায়, 'অভিযান্ত্রিক মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা জে ই ইৰ দৰে, এই পৰীক্ষাও অতি কমেও ছদিন অনুষ্ঠিত কৰা হ'ব। বিশ্বাসযোগ্যতা আৰু অন্তঃগাঁথনিৰ বিষয়ে পুংখানুপুংখ পৰীক্ষাৰ পাছত পৰীক্ষা কেন্দ্ৰসমূহ বাছনি কৰা হ'ব।'
উল্লেখযোগ্য যে মেডিকেল কলেজৰ নামভৰ্তিৰ বাবে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে NEET-UG (এন টি এ) প্রতি বছৰে নীট পৰীক্ষা পৰিচালনা কৰে। ভাৰতত এম বি বি এছ পাঠ্যক্রমত মুঠ ১,০৮,০০০ আসন আছে। এই আসনসমূহৰ ভিতৰত প্রায় ৫৬,০০০ আসন আছে চৰকাৰী মেডিকেল কলেজত আৰু ৫২,০০ আছে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত। উল্লেখযোগ্য যে দন্ত চিকিৎসা, আয়ুর্বেদ, ইউনানী আৰু সিদ্ধৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবেও নীটৰ ফলাফল ব্যৱহাৰ কৰা হয়।