২০২৯ৰ ভিতৰত ড্ৰাগছমুক্ত হ'ব দেশ

dainik janambhumi November 03, 2025

ডিজিটেল ডেস্কঃ ২০২৯ চনৰ ভিতৰত ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা দেশক সম্পূর্ণ মুক্ত কৰা হ'ব। কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শুকুৰবাৰে পাটনাত এই মন্তব্য কৰে। 

মন্ত্রী শ্বাহে কয় যে অতি সু-পৰিকল্পিতভাৱে যোৱা চাৰি বছৰ ধৰি ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে যুঁজ চলাই আছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰে ৰাজ্য পৰ্যায়ত আৰু জিলা পৰ্যায়ত সকলো সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে যোগাযোগ আৰু সমন্বয় ৰক্ষা কৰি আছে। মাওবাদীক নির্মূল কৰাৰ দৰে দেশৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰকো উৎখাত কৰা হ'ব বুলি কেন্দ্রীয় মন্ত্ৰী শ্বাহে পাটনাৰ এটা অনুষ্ঠানত মন্তব্য কৰে।

Share This