প্রথম পৰ্যায়ত অসমৰ ২০৭গৰাকী নিৰ্বাচিত, খেল' ইণ্ডিয়া ট্রাইবেল গেমছ

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক : সাতবিধ খেল সামৰি কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰ্যালয়ে দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে খেল' ইণ্ডিয়া ট্রাইবেল গেমছ ২০২৬। ভাৰতবৰ্ষৰ মূলতঃ জনজাতীয় (ট্রাইবেল) খেলুৱৈৰ বাবে মুকলি প্রতিযোগিতাখনৰ উদ্বোধনী বৰ্ষৰ খেলসমূহ ছট্টিশগড়ত অহা ১৪-১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। মুকলি বয়স শাখাৰ প্ৰতিযোগিতাখনৰ বাবে সামৰি লোৱা ইভেন্টসমূহ হ'ল এথলেটিকছ, আৰ্চাৰী, ফুটবল, হকী, সাঁতোৰ, ভাৰোত্তোলন আৰু মল্লযুদ্ধ। তদুপৰি, প্ৰতিযোগিতাত দুবিধ খেল প্রদর্শনী ৰূপে সংযোজিত হ'ব।

কেন্দ্ৰীয় নির্দেশনা অনুসৰি শীৰ্ষ প্রতিযোগিতাখনলৈ অসমৰ দল গঠন প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক পর্যায় যোৱা ৮ জানুৱাৰীত গুৱাহাটী আৰু নগাঁৱত সম্পন্ন হৈছে। য'ত কেৱল স্বীকৃত ট্রাইবেল (জনজাতি) খেলুৱৈয়েহে অংশগ্ৰহণ কৰে। অসমৰ বাছনী প্ৰক্ৰিয়াৰ ভিতৰত মহানগৰীৰ ভেটাপাৰাস্থিত মঃ তৈয়বুল্লা হকী ষ্টেডিয়ামত হকী খেলৰ, নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত মল্লযুদ্ধৰ আৰু বাকী ইভেন্টসমূহ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত অনুষ্ঠিত হয়। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা প্ৰথম পৰ্যায়ৰ ৰাজ্যিক শিবিৰত অংশগ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছয় শতাধিক পুৰুষ-মহিলা খেলুৱৈয়ে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে আয়োজন কৰা শিবিৰটোৰ জৰিয়তে আটাইকেইটা ইভেন্ট সামৰি ২০৭গৰাকী খেলুৱৈ বাছনি কৰা হৈছে।

তদুপৰি, নিৰ্বাচিত তালিকা ইতিমধ্যে নতুন দিল্লীৰ ভাৰতীয় ক্রীড়া প্রধিকৰণৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ কথা ব্যক্ত কৰিছে উপ-ক্রীড়া সঞ্চালক সত্যব্রত গগৈয়ে। আনহাতে, অসম দলৰ পৰৱৰ্তী মূল বাছনী প্রক্রিয়া বিভিন্ন ইভেন্টৰ সংশ্লিষ্ট ৰাষ্ট্ৰীয় ফেডাৰেশ্যনসমূহৰ তত্ত্বাৱধানত হ'ব বুলি ৰাজ্যৰ ক্ৰীড়া বিভাগৰ সূত্ৰত প্রকাশ কৰা হৈছে।

Share This