২০২৬ এছিয়ান গেমছত বাহাল থাকিব ক্ৰিকেট 

dainik janambhumi May 01, 2025

ডিজিটেল ডেস্ক : জাপানত হ'বলগীয়া ২০২৬ এছিয়ান গেমছত ক্রিকেট পুনৰায় দেখিবলৈ পোৱা যাব। অলিম্পিক কাউন্সিল অব্ এছিয়াই (অ' চি এ) এই কথা নিশ্চিত কৰিছে। জাপানৰ আইকী নাগয়াত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ হ'বলগীয়া এছিয়ান গেমছত ক্রিকেট হ'ব টি-২০ ফৰমেটত। ক্ৰিকেটৰ ভ্যেনু এই পর্যন্ত নিশ্চিত কৰা হোৱা নাই। 

এই সপ্তাহৰ আৰম্ভণিতে অ'চি এ আৰু আয়োজক সমিতিৰ সভাত ক্রিকেট বাহাল থকাৰ সিদ্ধান্ত লোৱা হৈছিল। ইফালে, ২০২৮ অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত হোৱাৰ বাবে এছিয়ান গেমছতো খেলবিধৰ কাৰণে আগ্রহ বৃদ্ধি পাইছে। জাপান এছিয়ান গেমছত ৪১বিধ খেলৰ মাজত স্থান পাইছে ক্রিকেটে। 

প্রতিযোগিতাখনত ১৫,০০০ এথলীট আৰু কৰ্মকৰ্তাৰ সমাৱেশ ঘটিব। এইবাৰকে ধৰি এছিয়ান গেমছত চতুৰ্থবাৰলৈ ক্ৰিকেটৰ ৰোমাঞ্চ দেখিবলৈ পোৱা যাব। জাপানৰ আগেয়ে গোৱাংঝৌ (২০১০), ইন্সিঅন (২০১৪) আৰু হাংঝৌত (২০২৩) ক্রিকেট অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে ভাৰতৰ পুৰুষ আৰু মহিলাৰ দলে শেহতীয়া এছিয়ান গে'মছত স্বর্ণ জয়ী কৃতিত্ব আর্জিছিল।

Share This