ডিজিটেল ডেস্ক : ভাৰতত কৰ ফাঁকি ৰোধ কৰিবলৈ আৰু ডিজিটেল প্রমাণসমূহ পৰীক্ষা কৰাৰ উদ্দেশ্যৰে আয়কৰ বিভাগে সমগ্র দেশত ২২টা ডিজিটেল ইন্টেলিজেন্স লেবৰেটৰী স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
কেন্দ্ৰীয় প্রত্যক্ষ কৰ ব'ৰ্ডে (চি বি ডি টি) কৰ ফাঁকিৰ ক্ষেত্ৰত ডিজিটেল প্ৰমাণসমূহ পৰীক্ষা কৰাৰ বাবে বিশেষ আন্তঃগাঁথনি প্রদানৰ উদ্দেশ্যে 'ডিজিটেল ইন্টেলিজেন্স এণ্ড এনালিটিক্স লেব' স্থাপন কৰিব। এই নতুন আন্তঃগাঁথনিৰ জৰিয়তে আয়কৰ বিভাগে কৰ ফাঁকি ধৰা পেলাবলৈ কাৰোবাৰ ডিভাইচৰ পৰা ডিলিট কৰা বা মচি পেলোৱা তথ্যও উদ্ধাৰ কৰি পৰীক্ষা কৰিব পাৰিব।
এই ডিজিটেল ইন্টেলিজেন্স লেবত আধুনিক ফৰেনচিক সঁজুলিৰ সহায়ত কৰদাতাই কৰ ফাঁকি দিবলৈ মচি পেলোৱা ই-মেইল, মেছেজ, একাউণ্টৰ নথি-পত্ৰ আৰু লেনদেনৰ তথ্য উদ্ধাৰ কৰি পৰীক্ষা কৰিব পৰা যাব। তদুপৰি, ভুৱা ইনভইচ, বেনামী লেনদেন আৰু ক'লা ধনৰ উৎসও বিচাৰি উলিওৱাত এই কাৰিকৰী আন্তঃগাঁথনি ব্যৱহাৰ কৰিব পৰা যাব।