ডিজিটেল ডেস্ক : জলবায়ুৰ ভয়ংকৰ বৈপৰীত্যই ক্রমান্বয়ে জটিল কৰি তুলিছে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক প্রাকৃতিক পৰিৱেশ। এফালে এদিনৰ ভিতৰতে হোৱা প্রলয়ংকৰী মুষলধাৰ বৃষ্টিপাত আৰু আনফালে বৰষুণহীন দীঘলীয়া খৰাং সদৃশ বতৰ। এই দুই চৰম বিপৰীতমুখী সংকটৰ দোমোজাত এতিয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল।
১৯৭১ চনৰ পৰা ২০২২ চনলৈকে বিগত ৫২ বছৰৰ বতৰৰ তথ্য বিশ্লেষণ কৰি প্ৰস্তুত কৰা এক নতুন ৰাষ্ট্ৰীয় গৱেষণা প্রতিবেদনে এই উদ্বেগজনক ছবিখন উদঙাই দিছে। অসম, মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্রদেশ আৰু ছিকিমকে ধৰি সমগ্র অঞ্চলটোৱেই এতিয়া প্ৰকৃতিৰ চৰম তাণ্ডৱৰ সন্মুখীন হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আই এম ডি) আৰু 'নেশ্যনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ বেডাৰ ফৰকাষ্টিং' (এন চি এম আৰ ডব্লিউ এফ)ৰ বিজ্ঞানীসকলে যৌথভাৱে সম্পন্ন কৰা এই ঐতিহাসিক গৱেষণা-পত্ৰখন প্রকাশ পাইছে আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত বিশেষজ্ঞ-পর্যালোচিত 'ইণ্টাৰনেশ্যনেল জার্নেল অব্ ক্লাইমেট 'লজী'ত। 'ইভলিউশ্যন অব্ ক্লাইমেট এক্সট্রিমছ অভাৰ দ্য ইণ্ডিয়ান ছাবকন্টিনেন্ট ইউজিং এ ৰিভাইজড চিইআই' শীর্ষক এই গৱেষণাত আই এম ডিৰ ৫২ বছৰৰ তথ্যসমৃদ্ধ পর্যবেক্ষণৰ ওপৰত ভিত্তি কৰি এক সুকীয়া 'ইণ্ডিয়া ক্লাইমেট এক্সট্রিমছ ইনডেক্স' প্রস্তুত কৰা হৈছে।
দিনৰ ভাগৰ প্ৰচণ্ড উত্তাপ, আৰ্দ্ৰ গৰম, ভয়াৱহ তাপপ্ৰৱাহ আৰু শুকান খৰাঙকে ধৰি সাতটাকৈ পৃথক প্রাকৃতিক দুৰ্যোগৰ তথ্যক এই একক সূচকাংকত সন্নিৱিষ্ট কৰা হৈছে আৰু এই পৰিৱৰ্তনৰ ধাৰা প্ৰখ্যাত 'মান-কেণ্ডেল' পদ্ধতি প্রয়োগ কৰি নিখুঁতভাৱে পৰীক্ষা কৰা হৈছে। 'কেৱল উত্তৰ-পূৰ্বত বৃদ্ধি পাইছে এদিনৰ প্ৰবল বৃষ্টিপাত' অধ্যয়নটোৰ আটাইতকৈ লক্ষণীয় দিশটো হ'ল সমগ্ৰ দেশৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই এদিনৰ চমু কিন্তু অতি প্রবল বৃষ্টিপাতৰ ঘটনা স্পষ্ট আৰু পৰিসাংখ্যিকভাৱে তাৎপৰ্যপূৰ্ণ হাৰত বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে। গৱেষকসকলৰ মতে, উত্তপ্ত হৈ পৰা বংগোপসাগৰ, বায়ুমণ্ডলত বৃদ্ধি পোৱা জলীয় বাষ্পৰ পৰিমাণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জটিল ভৌগোলিক ভূ-প্রকৃতিৰ সৈতে এই অস্বাভাৱিক বৃষ্টিপাতৰ পোনপটীয়া সম্পর্ক আছে। সমান্তৰালভাৱে অঞ্চলটোত বৰষুণহীন শুকান দিনৰ ব্যৱধান আৰু খৰাং সদৃশ পৰিস্থিতিও ক্রমান্বয়ে বাঢ়ি আহিছে। বতৰৰ এনে উত্থান-পতনক গৱেষকসকলে কোনো নির্দিষ্ট আর্দ্র বা শুকান জলবায়ুৰ পৰিৱৰ্তন হিচাপে নহয়, মৌচুমী বায়ুৰ ক্রমবর্ধমান অস্থিৰতাৰ স্পষ্ট প্রতিফলন হিচাপেহে চিহ্নিত কৰিছে। গৱেষণা পত্ৰখনৰ মুখ্য লেখক, এন চি এম আৰ ডব্লিউ এফৰ থোটা মোহনে কয়, 'সমগ্ৰ দেশৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই এদিনৰ চমু কিন্তু অতি প্রচণ্ড বৃষ্টিপাতৰ মাত্রা স্পষ্টভাৱে বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে অঞ্চলটোত বৰষুণহীন শুকান দিনৰ সংখ্যাও দীঘলীয়া হৈছে। দেশৰ আন প্ৰান্তত সততে দেখা পোৱা উৎকট গৰম আৰু খৰাঙৰ সংকটৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ এই স্থিতি সম্পূর্ণ ব্যতিক্রমী।' একেদৰে সহ-লেখক তথা এট্রিয়া বিশ্ববিদ্যালয়, বেংগালুৰুৰ এম ৰাজীৱনে সকীয়াই দি কয়, 'সমগ্ৰ দেশৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল এতিয়া চৰম বিপৰীতমুখী সংকটৰ দোমোজাত দিশহাৰা। এফালে প্রলয়ংকৰী মুষলধাৰ বৰষুণ আৰু আনফালে বৰষুণহীন দীঘলীয়া শুকান দিনৰ স্থিতি। বতৰৰ এই ভয়ংকৰ সংমিশ্রণে অঞ্চলটোত মৌচুমী বায়ুৰ ক্ৰমবর্ধমান অস্থিৰতাকেই উদঙাই দিছে। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বান প্ৰতিৰোধৰ সমান্তৰালকৈ খৰাং ব্যৱস্থাপনাৰ আগতীয়া পৰিকল্পনা যুগুত কৰাটো এতিয়া সময়ৰ আহ্বান হৈ পৰিছে।'
উল্লেখযোগ্য যে এই অধ্যয়নে জলবায়ুৰ এই ভয়ংকৰ বৈপৰীত্যৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বান প্রস্তুতি অধিক শক্তিশালী কৰা আৰু বৃষ্টিপাতৰ তাৰতম্য ব্যৱস্থাপনাক সর্বোচ্চ অগ্রাধিকাৰ দিয়াৰ পোষকতা কৰিছে। কৃষি, জলসম্পদ ব্যৱস্থাপনা, স্বাস্থ্য আৰু আন্তঃগাঁথনিকে ধৰি সকলো গুৰুত্বপূৰ্ণ খণ্ডৰ যৌথ অংশগ্রহণেৰে গৱেষকসকলে এক সমন্বিত পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে।