এনকেফেলাইটিছত ২৪জনৰ মৃত্যু

dainik janambhumi July 15, 2025

ডিজিটেল ডেস্ক : জাপানীজ এনকেফেলাইটিছে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে। উজনি, নামনি, বৰাক উপত্যকা সকলোতে দৈনিক জাপানীজ এনকেফেলাইটিছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্য চৰকাৰে ভয়ংকৰ হাৰত বৃদ্ধি পোৱা এই ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে কিছুমান ব্যৱস্থা গ্রহণ কৰিছে যদিও সফল হোৱা নাই। চৰকাৰী তথ্য অনুসৰিয়েই ৰাজ্যখনত ২৫০জন লোক আক্রান্ত হৈছে। আনহাতে মৃত্যু হৈছে ২৪জন লোকৰ। ৰাজ্যখনৰ ভিতৰতে নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সর্বাধিক লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। নলবাৰীত ১৯ জন, গোলাঘাটত ১৮ জন আৰু দৰঙত ১৮ জন লোক আক্রান্ত হৈছে। 

আনহাতে বৰপেটা জিলাত ১৪ জন আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিজন লোকৰ মৃত্যু হৈছে। শিৱসাগৰ জিলাতো দহ জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজনৰ। ইফালে স্বাস্থ্য বিভাগৰ এটা সূত্ৰৰ মতে ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত ৩২ খন জিলাতে জাপানীজ এনকেফেলাইটিছত আক্রান্ত লোকৰ সংখ্যা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। 

এতিয়ালৈকে মাত্র ডিমা হাছাও, হাইলাকান্দি আৰু তামুলপুৰ জিলাতহে জাপানীজ এনকেফেলাইটিছত কোনো লোক আক্রান্ত হোৱা নাই। আনহাতে যোৱা তিনি মাহত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মুঠ ৫৮ জন জাপানীজ এনকেফেলাইটিছত আক্রান্ত লোক চিকিৎসাধীন হৈছিল। ইয়াৰে ভিতৰত মৃত্যু হৈছে তেৰজন লোকৰ। ইফালে ৰাজৰ স্বাস্থ্য বিভাগে ধোঁৱা দিয়া, ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে যদিও ইয়াৰ পাছতো সংক্রমণ ৰোধ হোৱা নাই। এনে পৰিস্থিতি অনাগত দিনত জাপানীজ এনকেফেলাইটিছে ৰাজ্যত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

Share This