বাৰাণসী ৰে'ল ষ্টেছনৰ পাৰ্কিঙত ২৪ ঘণ্টাত ২৪০০ টকাৰ মাচুল

dainik janambhumi June 17, 2025

ডিজিটেল ডেস্ক : ২৪ ঘণ্টাৰ বাবে পার্কিং মাচুল ২৪০০ টকা। উত্তৰ-পূব ৰে'লৱেৰ অধীনৰ বাৰাণসী ৰে'লৱে ষ্টেছনৰ কাৰ পার্কিং স্থানত চাইকেল, দুচকীয়া বাহন আৰু কাৰ পাৰ্কিঙৰ বাবে লোৱা বর্ধিত মাচুলে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ পাছতে কর্তৃপক্ষই এই বিষয়ত অনুসন্ধান চলাবলৈ বাধ্য হয়। ৰে'ল ষ্টেছনটোৰ প্ৰথম আৰু দ্বিতীয় প্রবেশ পথৰ গেটত থকা পার্কিং স্থানসমূহত পার্কিং ঠিকাদাৰসমূহে কর্তৃপক্ষৰ অগোচৰে অত্যধিক পৰিমাণৰ পার্কিং মাচুল আদায় কৰি আছিল। 

২৪ ঘণ্টাৰ বাবে কোনো বাহন পার্কিং স্থানত বাখিলে জনসাধাৰণে ২৪০০ টকা পর্যন্ত আদায় দিব লগা হৈছিল। প্রতি ঘন্টাত ১০০ টকাকৈ পার্কিং মাচুল আদায় কৰা হৈছিল। 

এখন চাইকেল পার্কিং ষ্টেণ্ডত ২৪ ঘণ্টাৰ বাবে ৰাখিলে ১২০০ টকাৰ মাচুল দিব লগা হৈছিল। ইয়াকে লৈ তীব্র প্রতিক্রিয়া হোৱাৰ পাছত এতিয়া চৰকাৰী কর্তৃপক্ষই আনুষ্ঠানিকভাৱে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে।

Share This