বলিউডত পুনৰ বিষ্ণোই গেঙৰ আতংকঃ অভিনেতা ৰণবীৰ সিঙলৈ হেৰী বক্সাৰৰ ভয়ংকৰ ভাবুকি

Rashmi February 13, 2026

ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকাসকলৰ ওপৰত গেংষ্টাৰৰ ভাবুকিৰ ক’লা ডাৱৰ যেন আঁতৰিবই খোজা নাই। ছলমান খানৰ পাছত এইবাৰ কুখ্যাত লৰেন্স বিষ্ণোই গেঙৰ লক্ষ্য হৈ পৰিছে জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং। শেহতীয়াকৈ গেংটোৰ সদস্য হেৰী বক্সাৰে এটা ভইচ ন'টৰ জৰিয়তে অভিনেতাজনক পোনপটীয়াকৈ ভাবুকি প্ৰদান কৰিছে।


প্ৰাপ্ত তথ্য অনুসৰি, হেৰী বক্সাৰে প্ৰেৰণ কৰা ভইচ ন'টটোত অত্যন্ত ভয়ংকৰ কথা কোৱা হৈছে। গেংষ্টাৰজনে অভিনেতাজনক উদ্দেশ্যি কয় যে তেওঁলোকে ৰণবীৰক একো নকৰে, কিন্তু তেওঁৰ আশে-পাশে থকা লোক বা তেওঁৰ সুৰক্ষা বলয়ৰ ওপৰত লক্ষ্য ৰখা হৈছে। এই ভাবুকিয়ে কেৱল অভিনেতাজনকেই নহয়, বৰঞ্চ তেওঁৰ পৰিয়াল আৰু কৰ্মচাৰীসকলৰ মাজতো ত্ৰাসৰ সৃষ্টি কৰিছে।

কোন এই হেৰী বক্সাৰ?

হেৰী বক্সাৰ হৈছে লৰেন্স বিষ্ণোই আৰু গ'ল্ডি ব্ৰাৰ গেঙৰ এজন কুখ্যাত সদস্য। এই গেংটোৱে ইতিপূৰ্বে পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ লগতে বলিউডৰ কেইবাজনো শীৰ্ষস্থানীয় তাৰকালৈ ভাবুকি প্ৰেৰণ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল।


এই ভাবুকিপূৰ্ণ বাৰ্তাটো পোহৰলৈ অহাৰ লগে লগে মুম্বাই আৰক্ষী সক্ৰিয় হৈ পৰিছে। আৰক্ষীয়ে ভইচ ন'টটোৰ সত্যতা পৰীক্ষা কৰাৰ লগতে ইয়াৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখ্যযোগ্য যে বিগত কিছুদিনত ছলমান খান আৰু শ্বাহৰুখ খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু এতিয়া ৰণবীৰ সিঙৰ নিৰাপত্তাৰ ক্ষেত্ৰতো আৰক্ষীয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে।

বিগত কিছু মাহত গেংষ্টাৰৰ পৰা বলিউডৰ তাৰকাসকললৈ অহা ধাৰাবাহিক ভাবুকিয়ে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগটোতে এক ভীতিৰ পৰিৱেশ সৃষ্টি কৰিছে। মুক্তিপণ বা আন কোনো ব্যক্তিগত কাৰণত নে আন কিবা উদ্দেশ্যত এইদৰে মুকলিকৈ ভাবুকি দিয়া হৈছে, তাক লৈ চৰ্চা চলিছে।


বৰ্তমানলৈকে ৰণবীৰ সিং বা তেওঁৰ টীমে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নাই। আৰক্ষীয়ে সমগ্ৰ বিষয়টো অত্যন্ত গাম্ভীৰ্যৰে লৈছে আৰু বিষ্ণোই গেঙৰ এই নেটৱৰ্ক ধ্বংস কৰিবলৈ চেষ্টা চলাইছে।





প্ৰাগ নিউজ ডিজিটেল

Share This