ডিজিটেল ডেস্ক : ইণ্ডোনেছিয়াত ২৫ হাজাৰ বছৰ পুৰণি এটা পিৰামিড আছে বুলি দেশখনে দাবী কৰিছে। মানৱ সভ্যতাৰ প্ৰচলিত সময়সীমাক প্রত্যক্ষভাৱে প্রত্যাহ্বান জনোৱা আৰু বিশ্বজুৰি কৌতূহলৰ সৃষ্টি কৰা ইণ্ডোনেছিয়াৰ এই দাবীয়ে বিতৰ্কৰ সূচনা কৰিছে। সমগ্ৰ বিশ্বৰ পুৰাতত্ত্ববিদসকলৰ মাজতো বিতৰ্কৰ সৃষ্টি হৈছে।
ইণ্ডোনেছিয়াৰ পিৰামিডটোৰ পৌৰাণিক গাঁথনিৰ বিষয়ত পুৰাতত্ত্ববিদ, ইতিহাসবিদসকলৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত ওখ এলেকাত থকা 'গুনুং পাদাং' নামৰ এই পিৰামিডটো আছে। 'গুনুং পাদাং' নামৰ অৰ্থ হৈছে 'আলোকিত কৰা পৰ্বত'। সাগৰ পৃষ্ঠৰ পৰা প্রায় ৩০০০ ফুট উচ্চতাত এই পিৰামিডটো আছে। এই পিৰামিডটোৰ সমতল ছাদ শেলুৱৈ আৰু শিলেৰে গঠিত।
এই পিৰামিডটোক স্থানীয় লোকসকলে পৱিত্ৰস্থলী হিচাপে যুগ যুগ ধৰি মানি আহিছে আৰু ইয়াত ধর্মীয় ৰীতি-নীতি আৰু সমূহীয়া অনুষ্ঠান পালন কৰা হয়। পিৰমিডটোৰ চাৰিওকাষে থকা আগ্নেয়গিৰিৰ দৃশ্যই ইয়াৰ ৰহস্যময় পৰিৱেশতন্ত্র বৃদ্ধি কৰে। শতিকা শতিকা ধৰি স্থানীয় লোকসকলে এই পিৰামিডটোক অধ্যাত্মিক গুৰুত্ব থকা ঠাই হিচাপে গণ্য কৰি আহিছে। ২০২৩ চনত এটা অধ্যয়নত এই গুনুং পাদাং পিৰামিডটোক বিশ্বৰ আটাইতকৈ পুৰণি পিৰামিড হিচাপে আখ্যা দিয়া হৈছে।