পাকিস্তানত আৰক্ষীৰ গুলীচালনাত ২৫০ নিহত

dainik janambhumi October 14, 2025

ডিজিটেল ডেস্কঃ পাকিস্তান চৰকাৰে গাজা শান্তি চুক্তিৰ প্ৰতি জনোৱা সমর্থনৰ বিৰোধিতা কৰি যোৱা পাঁচ দিনে চলি থকা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীত এতিয়ালৈকে ২৫০জন লোক নিহত হৈছে। এই দাবী কৰিছে প্ৰতিবাদৰ আহ্বান জনোৱা পাকিস্তানৰ ৰাজনৈতিক দল তেহৰিক-ই-লব্বেক পার্টিয়ে (টি এল পি)।

টি এল পিয়ে দাবী কৰা মতে আৰক্ষীৰ গুলীত এতিয়ালৈকে ২৫০জন লোক নিহত হোৱাৰ লগতে ১৫০০জনতকৈ অধিক লোক আহত হয়। ইফালে প্ৰতিবাদৰ সময়ত কালি নিশা পঞ্জাব প্রদেশত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়। উল্লেখযোগ্য যে শান্তি চুক্তিৰ প্ৰতি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহৱাজ শ্বৰীফে জনোৱা সমর্থনৰ প্ৰতিবাদত লাহোৰৰ পৰা ইছলামাবাদলৈ 'গাজা পদযাত্রা'ৰ সময়ত কালি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। সংঘর্ষত কেইবাজনো প্ৰতিবাদকাৰী হতাহত হয়। সংবাদ মাধ্যমত প্রকাশ পোৱা মতে প্ৰতিবাদী যাত্ৰা প্ৰতিৰোধ কৰাৰ কামত আৰক্ষীক পাকিস্তানী বেঞ্জার্হেও সহযোগ কৰে। ৰেঞ্জাৰ্ছে কেইবা ঠাইতো অত্যাধুনিক অস্ত্ৰৰে গুলীচালনা কৰে।

সংঘৰ্ষত টি এল পিৰ মুৰব্বী ছাদ হুছেইন ৰিজভী নিহত হোৱা বুলি প্রকাশ পাইছে যদিও ইয়াক উৰাবাতৰি বুলিহে কোৱা হৈছে। অৱশ্যে, টি এল পিৰ নেতাসকলে প্রকাশ কৰা মতে প্ৰতিবাদকাৰীক কৰা গুলীচালনাত ৰিজভীৰ শৰীৰৰ তিনি ঠাইত গুলী লাগে আৰু তেওঁৰ অৱস্থা সংকটজনক হৈয়ে আছে। আজিও পঞ্জাব প্রদেশত নিৰাপত্তা বাহিনী আৰু টি এল পিৰ কৰ্মীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱা বুলি প্রকাশ পাইছে। আজি হোৱা সংঘৰ্ষত আৰক্ষীৰ দুজন লোক নিহত হয়।

Share This