গ্রীষ্ম প্ৰৱাহৰ মাজতে আমেৰিকাত ২৫০ বছৰীয়া স্বাধীনতা দিৱস উদযাপন, ৱাশ্বিংটনত ব্যাপক আতচবাজী, টেক্সাছ-লাছ ভেগাছত ড্র'ন শ্ব'

dainik janambhumi July 06, 2026

ডিজিটেল ডেস্ক : ৰাজনৈতিক মত বিভাজনৰ পৰিস্থিতি আৰু প্ৰবল গ্রীষ্মপ্রৱাহে লাখ লাখ আমেৰিকাবাসীক প্ৰভাৱিত কৰিলেও শনিবাৰে দেশখনৰ জনতাই ২৫০ বছৰীয়া স্বাধীনতা দিৱস উলহ-মালহেৰে উদ্যাপন কৰে। আমেৰিকা স্বাধীন হোৱাৰ দিনটো উদ্যাপনৰ বাবে দেশখনৰ বিভিন্ন ঠাইত বৃহৎসংখ্যক কাৰ্যসূচীৰ আয়োজন কৰা হয়। নেশ্যনেল মলত দেশৰ স্বাধীনতা দিৱস উদ্যাপনৰ উপলক্ষত মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শনিবাৰে ঘোষণা কৰে যে মানৱ ইতিহাসত আমেৰিকাই বিজয় ধবজা উৰুৱাইছে। 

ট্রাম্পে কয়, 'আমেৰিকা হৈছে স্বাধীন ঘৰ। আমেৰিকা সদায়েই শক্তিশালী।' উল্লেখযোগ্য যে প্রবল ধুমুহাৰ বাবে নেশ্যনেল মল খালী কৰোৱা হৈছিল আৰু প্ৰায় ২ ঘণ্টাৰ পাছত ৰাষ্ট্ৰপতি ট্রাম্পে কাৰ্যসূচীত অংশ লয়। আনহাতে, প্রবল গ্রীষ্ম প্ৰৱাহৰ বাবে দেশৰ বিভিন্ন অঞ্চলত উদ্যাপনৰ কাৰ্যসূচীৰ সালসলনি কৰিব লগা হয়। ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ট্রাম্পে নেশ্যনেল মলত এখন বৃহৎ সমাৱেশত অংশ লৈ আমেৰিকাবাসীৰ সপোন পুনৰ ঘূৰি আহিছে বুলি দাবী কৰে। আনহাতে, ৱাশ্বিংটনত ইতিহাসৰ আটাইতকৈ বেছি আতচবাজীৰ প্ৰদৰ্শন কৰা হয়। 

ইয়াৰ লগতে টেক্সাছ আৰু লাছ-ভেগাছসহ প্রধান মহানগৰসমূহত আকাশত ড্র'ন শ্ব' আৰু এয়াৰ শ্ব' প্ৰদৰ্শন কৰা হয়। ইফালে, ভয়ানক গৰমৰ বাবে ৱাশিংটনত ৰাষ্ট্ৰীয় স্বাধীনতা দিৱসৰ পেৰেড অনুষ্ঠান বাতিল কৰা হয়। আনহাতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ২৫০ বছৰীয়া স্বাধীনতা দিৱসৰ উপলক্ষত ৰাষ্ট্ৰপতি ট্রাম্পক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

Share This