ৰাহুল গান্ধীসহ ২৫ বিৰোধী সাংসদক গুলীয়াই হত্যা কৰাৰ ভাবুকি, ৰাজস্থানত কর্নি সেনাৰ সদস্যক গ্ৰেপ্তাৰ

dainik janambhumi February 20, 2026

ডিজিটেল ডেস্ক : লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীসহ বিৰোধী শিবিৰৰ ২৫জন সাংসদক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়া এজন লোকক বৃহস্পতিবাৰে ৰাজস্থানৰ কোটাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কর্নি সেনাৰ মুখপাত্ৰ ৰাজ সিং বুলি নিজকে চিনাকি দিয়া লোকজনে সামাজিক মাধ্যমত আপলোড কৰা এটা ভিডিঅ'যোগে সাংসদকেইজনক হত্যাৰ ভাবুকি প্রদান কৰিছিল। 

ভিডিঅ'টোত তেওঁ উল্লেখ কৰিছে যে সংসদৰ বাজেট অধিৱেশনত অধ্যক্ষ ওম বিৰলাক অপমান কৰা কাৰ্যত বিজেপিৰ লগতে কর্নি সেনা ভীষণ ক্ষোভত আছে। কর্নি সেনাৰ সদস্যজনে ভিডিঅ'টোত আৰু উল্লেখ কৰিছে যে যদি এনে ঘটনা পুনৰ সংঘটিত হয় তেন্তে ৰাহুল গান্ধীসহ ২৫ সাংসদৰ ঘৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰাৰ লগতে গুলীচালনাও কৰা হ'ব। 

ভিডিঅ'টোত প্রকাশ কৰিছে যে আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত ২৫ সাংসদক গ্ৰেপ্তাৰ নকৰিলে কর্নি সেনাই নিজাববীয়াকৈ ব্যৱস্থা ল'ব। এই ভিডিঅ'টো সন্দৰ্ভত কংগ্ৰেছে বিজেপি আৰু আৰ এছ এছক সমালোচনাৰে থকা-সৰকা কৰিছে। দেশৰ প্ৰধান বিৰোধী দলটোৱে বিজেপি আৰু আৰ এছ এছক 'গডছে ফেক্টৰী' হিচাপে অভিহিত কৰিছে।

Share This