ডিজিটেল ডেস্ক : বাংলাদেশত বহু প্রতীক্ষিত সাধাৰণ নির্বাচন অহা বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। তদুপৰি, সেই দিনটোতে দেশখনৰ সংবিধান সংস্কাৰৰ বিষয়ত গণভোটো গ্ৰহণ কৰা হ'ব।
বৃহস্পতিবাৰে দেশবাসীক সম্বোধন কৰি দিয়া এটা ভাষণত বাংলাদেশৰ মুখ্য নির্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে আনুষ্ঠানিকভাৱে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে। আনহাতে, নিৰ্বাচনৰ বাবে মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন হ'ব ২৯ ডিচেম্বৰ।
নির্বাচনী প্ৰচাৰ আৰম্ভ হ'ব ২২ জানুৱাৰীৰ পৰা আৰু ১০ ফেব্ৰুৱাৰীৰ সন্ধিয়া সাত বজাত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'ব। ইফালে, দেশখনৰ মুখ্য নির্বচন বিষয়াজনে কয় যে সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত এখন নিকা আৰু স্বচ্ছ ভোটাৰ তালিকা প্রস্তুতৰ কাম ইতিমধ্যে শেষ হৈছে।